NORTHEAST NOW (Assamese)
অসম

ডিমৰীয়াৰ ১০খন বিদ্যালয়ক আদৰ্শৰূপে গঢ়িব ইণ্ডিগ’ এয়াৰলাইনছ-এছ আৰ এফ ফাউণ্ডেশ্যনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2019 8:25 pm
Indigo airlines, SRF foundation to offer helping hand to ten schools in Assam's Dimoria

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ডিমৰীয়া উন্নয়ন খণ্ডৰ ১০খন বিদ্যালয়ক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ় দিয়াৰ পদক্ষেপ লৈছে ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ এয়াৰলাইনচ আৰু হাৰিয়ানাৰ গুৰগাঁৱৰ এচ আৰ এফ ফাইণ্ডেশ্যন নামৰ সংস্থাটোৱে।

সেই উদ্দেশ্যে দুয়োটা সংস্থাৰ এটা যুটীয়া প্ৰতিনিধি দলে শুকুৰবাৰে ডিমৰীয়াৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰে।

ইণ্ডিগ’ এয়াৰলাইনচে সামাজিক দায়বদ্ধতাৰ অংশৰূপে এই পদক্ষেপ লোৱাৰ বিপৰীতে এচ আৰ এফ ফাউণ্ডেশ্যনে ২০১৮ বৰ্ষৰ পৰাই বিভিন্ন বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

শুকুৰবাৰে প্ৰতিনিধি দলটোৱে ডিমৰীয়া শিক্ষাখণ্ডৰ নৰতাপ মধ্য ইংৰাজী বিদ্যালয়, তামুলীকুছি মধ্য ইংৰাজী বিদ্যালয় আৰু তামুলীকুছি প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়কেইখনৰ বিভিন্ন দিশৰ বুজ লয়। ইয়াৰ পাছত শিক্ষাখণ্ডটোৰ বিষয়া প্ৰশান্ত জগন্নাথ আৰু বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়।

ইণ্ডিগ’ এয়াৰলাইনচ আৰু এছ আৰ এফ ফাউণ্ডেশ্যনে দায়িত্ব লোৱা বিদ্যালয়সমূহত খোৱাপানীৰ সু-ব্যৱস্থা, বিদ্যালয়খনক স্বচ্ছ ৰূপ দিয়া, পুথিভঁড়াল, বিজ্ঞানাগাৰ, খেলাৰ সামগ্ৰী আদিৰ সু-ব্যৱস্থা কৰা, বিদ্যালয় গৃহসমূহ ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ উপযোগীকৈ প্ৰস্তুত কৰা আদি পদক্ষেপ গ্ৰহণ কৰে।

সংগঠন দুটাই স্থানীয় ৰাইজৰ সহযোগত এইসমূহ কাম ৰূপায়ণ কৰে।

উল্লেখ্য যে, এই সংগঠন দুটাই যৌথভাৱে ডিব্ৰুগড়ৰ লাহোৱাল শিক্ষা খণ্ডৰ ১৫খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যেই কাৰ্য্যব্যৱস্থা হাতত লৈছে।