NORTHEAST NOW (Assamese)
অসম

আৰম্ভ হ’ল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 30, 2019 8:16 pm

শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত উজনি অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান শিৱসাগৰ বাণিজ্য মহাবিদ্যালৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আজি পুৱা ৫০ খন পতাকা উত্তোলনেৰে আৰম্ভ হয়।

পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বীৰেন বৰুৱা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই। আনহাতে মহাবিদ্যালয়ে ৫০ টা বৰ্ষ অতিক্ৰম কৰাৰ বাবে ৫০ খন পতাকা উত্তোলন কৰে শিৱসাগৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে।

ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ হয়। বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণনে। স্মৃতি তৰ্পন কৰে বিদ্যালয় পৰিদৰ্শক আব্দুল জেলিল, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ কাৰ্তিক চন্দ্ৰ দত্ত, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, অ’ এন জি চিৰ বিষয়া পোণাৰাম মিলি, উদযাপন সমিতিৰ উপ সভাপতি শ্বেখ চামচেৰ, আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, আটাছুৰ উপ সভাপতি বসন্ত গগৈ আৰু সমাজকৰ্মী শুভকৰণ শৰ্মাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়েজিত প্ৰদৰ্শনী মুকলি কৰা হয়।

আনহাতে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভা সমষ্টিৰ নৱনিযুক্ত সাংসদ তপন কুমাৰ গগৈয়ে মহাবিদ্যালয়লৈ দহ লাখ টকাৰ অনুদান প্ৰদান কৰিব বুলি ঘোষণা কৰে।