NORTHEAST NOW (Assamese)
অসম

২০১৮ চনৰ নিদহাছ ট্ৰফীৰ ফাইনেলৰ বিস্ফোৰক ইনিংছৰ বাবেই আজি বাংলাদেশৰ বিৰুদ্ধে খেলিছে নেকি দিনেশ কাৰ্তিকে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2019 4:41 pm
dinesh Kartik

ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত ২০১৮ চনত অনুষ্ঠিত হোৱা নিদহাছ ট্ৰফীৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অন্তিম অভাৰৰ অন্তিম বলত প্ৰয়োজনীয় ৬ ৰাণ এটা দৰ্শনীয় চিক্সাৰেৰে অৰ্জন কৰি ৰাতিটোৰ ভিতৰত নায়কৰ শাৰীলৈ উন্নীত হোৱা ভাৰতীয় বেটছমেন দিনেশ কাৰ্তিকৰ আজি বাংলাদেশৰ বিৰুদ্ধে বিশ্বকাপত অভিষেক ঘটিছে।

উল্লেখযোগ্য যে, দিনেশ কাৰ্তিকৰ ১৫ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত খেলুৱৈগৰাকীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত খেলিবলৈ সুযোগ লাভ কৰে।

২০১৮ চনৰ নিদহাছ ট্ৰফীৰ ফাইনেলত দিনেশ কাৰ্তিকৰ দৰ্শনীয় বেটিঙৰ সহায়তে ভাৰতে বাংলাদেশক ৪ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছিল। দিনেশ কাৰ্তিকে ১৯ নম্বৰ অভাৰত ২২ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ বিজয় সম্ভৱ কৰি তুলিছিল আৰু ব্যক্তিগতভাৱে মাত্ৰ ৮ টা বলতে ২৯ ৰাণ সংগ্ৰহ কৰে।

২০১৯ চনৰ বিশ্বকাপত ভাৰতে ঘৰুৱা দল ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত আজি বাংলাদেশৰ বিৰুদ্ধে মিদল অৰ্ডাৰ বেটছমেন কেদাৰ যাদৱৰ স্থানত দিনেশ কাৰ্তিকক টিম মেনেজমেণ্টে স্থান দিয়ে।

বাংলাদেশক মাৰমুখী বেটিঙেৰে আশাহত কৰিবলৈ সক্ষম হোৱা মিদল অৰ্ডাৰ বেটছমেন দিনেশ কাৰ্তিকে আজিও বাংলাদেশৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।