NORTHEAST NOW (Assamese)
অসম

মাজুলীত নিৰ্মাণৰত অৱস্থাতে চকলা-চকলৈ এৰালে পকী পথ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ July 2, 2019 7:16 pm

পথ নিৰ্মাণ আৰু মেৰামতিৰ নামত মাজুলীত ব্যাপক অনিয়ম আৰু বিসংগতি চলাৰ অভিযোগ উঠিছে। ৪ লাখ টকাৰ ব্যয়েৰে মেৰামতি কৰা জিলাখনৰ বালিচাপৰি-পেৰাভাৰী সংযোগী পথটোত ব্লেকটপিং কৰাৰ পিছতেই বখলা-বখলকৈ এৰাই আহিছে।

নতুনকৈ মেৰামতি চলি থকা এটা পথৰ এনে দুৰৱস্থা দেখি ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

ৰাইজৰ মতে ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীয়ে পথটোত ব্যৱহাৰ কৰা নিৰ্মাণ সামগ্ৰী অতি নিম্ন মানৰ হোৱাৰ লগতে ঠায়ে ঠায়ে পথটো নিৰ্দিষ্ট জোখতকৈ ঠেক আৰু চাপৰকৈ নিৰ্মাণ কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে।

আজি ৰাইজৰ অভিযোগৰ ভিত্তিত জিলা উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই নিৰ্মাণৰত পথটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে ঠিকাদাৰক অনিয়ম সংঘটিত নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ উপৰি অতি শীঘ্ৰেই পথটোৰ বেয়া অংশখিনি পুনৰ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে।