NORTHEAST NOW (Assamese)
অসম

জাৰ্মানীৰ গীৰ্জাত বন্দুকধাৰীৰ আক্ৰমণত নিহত কমেও ৭ জন; আন কেইবাজনো আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2023 2:02 pm

বৃহস্পতিবাৰে নিশা জাৰ্মানীৰ হামবুৰ্গত গীৰ্জাত ঘটনাটো সংঘটিত হৈছিল।স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত বন্দুকধাৰীয়ে হঠাতে আক্ৰমণ কৰে। গোটেই ঘটনাটোত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হোৱা বুলি কোৱা হৈছে।

আৰক্ষীয়ে এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰকাশ কৰা নাই যদিও স্থানীয় সংবাদ সংস্থাসমূহে জনাইছে যে এই আক্ৰমণত কমেও ৭ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে, আকস্মিক আক্ৰমণটো কিয় সংঘটিত হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

ঘটনা  সংঘটিত হোৱাৰ পিছতে আৰক্ষী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰে। গোটেই অঞ্চলটো কঠোৰ নিৰাপত্তা বেষ্টনিৰ অধীনত ঘেৰাও কৰা হয়।

আৰক্ষীয়ে আক্ৰমণৰ কাৰণ অনুসন্ধান কৰি আছে। বন্দুকধাৰীৰ আকস্মিক আক্ৰমণৰ বাবে অঞ্চলটোত তীব্ৰ আতংক বিয়পি পৰিছে।