NORTHEAST NOW (Assamese)
অভিমত

চিনেমা কথা: চ্চেল্ল’ শ্ব'(লাষ্ট ফিল্ম শ্ব’)

Posted by: ৰিমলী বৰকটকী Updated by: ৰিমলী বৰকটকী March 10, 2023 2:14 pm
Last Film Show (Chhello Show)

চিনেমাৰ নামটোৱেই আভাস দিয়ে- এইখন চিনেমাখনৰ বিষয়বস্তুত চিনেমাৰ কথা জড়িত হৈ থকাৰ কথা। হয়, আজিৰ এই গুজৰাটী ভাষাৰ চিনেমাখনৰ মূল বিষয়বস্তু-চিনেমা-প্ৰেমেই। আগত ৯৫সংখ্যক একাডেমী বঁ‌টা প্ৰতিযোগিতালৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শিতানত ভাৰতৰ পৰা মনোনয়ন লাভ কৰা এই ছবিখন পিছে মূল প্ৰতিযোগিতালৈকে যাব নোৱাৰিলে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতেই, চ্চেল্ল’ শ্ব’ই ৪৪তম মিল ভেলী চলচ্চিত্ৰ মহোৎসৱত বিশ্ব চিনেমা শিতানত দৰ্শকৰ বিশেষ বঁ‌টা আৰু ৬৬সংখ্যক ভাল্লাডইড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ গ’ল্ডেন স্পাইক বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিলে। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা-পেন নলীনৰ। গত ১৪ অক্টোবৰ, ২০২২ত এই ছবিখনে ভাৰতত মুক্তি লাভ কৰিছিলে।

Films - Siddharth Roy Kapur to release Pan Nalin's Last Film Show' in India  - Telegraph India
ছবিৰ আৰম্ভণি সম্পূৰ্ণ গ্ৰাম্য পৰিবেশত, প্ৰকৃতিৰ অনন্য ৰূপৰে। সংলাপবিহীন পিছে দৃষ্টিনন্দন তথা প্ৰথম দৃশ্যতেই দৰ্শকক ছবিৰ সৈতে সংযুক্ত কৰা বিধৰ। গুজৰাটৰ এখনি ভিতৰুৱা গাঁ‌ৱৰ সময়(চময়)ৰ কাহিনী চ্চেল্ল’ শ্ব’। এটি ৰেল ষ্টেচন আৰু ৰেলৰ লগত কিশোৰ সময় আৰু তাৰ পিতৃৰ সম্পৰ্কক দৰ্শাইছে। সেই স্থানৰ পৰা যাতায়াতৰ একমাত্ৰ মাধ্যমেই ৰেলগাড়ীবোৰ। অতি পিছপৰা এই গাঁ‌ৱৰ এটি দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালৰ সন্তান সময়। “মা কালী”ৰ চিনেমা দেখোৱাবলৈ নিয়া সময়ৰ পিতৃৰ মতে চিনেমা খুবেই বেয়া বস্তু, ভগৱানৰ চিনেমা বাবে মাত্ৰ সেইখনহে দেখোৱাব। তাতে ব্ৰাহ্মণসকলে এনে নিম্নস্তৰৰ কাম কৰাও অনুচিত।

সময় প্ৰথমখন চিনেমা চাওঁতেই প্ৰজেক্টৰৰ পোহৰৰ লগতেই, চিনেমাৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰে। পৰৱৰ্তী সময়ত সময়ৰ এই পিতৃবিৰোধী স্থিতি আৰু ক্ৰমশঃ বাঢ়ি যোৱা চিনেমা প্ৰেমে সময়ৰ জীৱনলৈ কেনেধৰণৰ ঘটনাবহুলতা আনে-তাক লৈয়েই চিনেমাখন আগবাঢ়ে। যিদৰে সম্পূৰ্ণ নিভাঁজ এখন গাঁৱৰ দৃশ্যপট, ঠিক তেনেধৰণৰেই কাহিনীৰ এক নিৰ্মেদ, নাটকীয়তাহীন সাৱলীল গতি। ৰঙীন আইনাৰ ব্যৱহাৰ কৰি কেমেৰাৰ দৰে চাব খোজাৰ সময়ৰ প্ৰয়াস, পিছলৈ তাৰ লগৰীয়া বোৰকো নিজৰ আনন্দ তথা উত্তেজনাময় যাত্ৰৰ ভাগীদাৰ কৰি লয়। ছবিখনৰ কলা নিৰ্দেশনাৰ দিশটো খুবেই সুন্দৰ।

Last Film Show aka Chhello Show - Chhello Show (Last Film Show) is director  Pan Nalin's ode to the magic of cinema - Telegraph India

মাজে মাজে মৃদু হাস্যৰসৰ ব্যৱহাৰো কৰা হৈছে। প্ৰজেক্টৰৰ পোহৰত মন্ত্ৰমুগ্ধ হৈ পৰা সময়ৰ হাতৰ ছঁ‌য়া-ময়া পোহৰৰ খেলা, সময়ৰ মাকে কেঁ‌চা বাৰান্দাত খাদ্য প্ৰস্তুত কৰাৰ দৃশ্য, চলন্ত ৰে’লৰ খিৰিকি বন্ধ কৰি এন্ধাৰ-পোহৰৰ সংমিশ্ৰণত বাহ্যিক পৃথিৱীৰ চলছবি চোৱা, পথাৰ আৰু নৈপৰীয়া দৃশ্যাৱলী-এনেধৰণৰ বহু দৃশ্যাংশক আলোকশিল্পকাৰ স্বপ্নীল এছ চ’নাৱানেই সুন্দৰকৈ তুলি ধৰিছে। ছবিখনত সংলাপৰ ব্যৱহাৰ কম, চিত্ৰনাট্য আৰু পৰিচালনাৰ দিশ ভাল বাবে, কম সংলাপতো অৰ্থৱহতা প্ৰদান কৰিবলৈ সক্ষম হৈছে। আৰম্ভণিৰে পৰা নেপথ্যৰ প্ৰাকৃতিক শব্দৰ প্ৰয়োগ হে বেছিকৈ কৰা হৈছে, যদিও পিছলৈ আৱহ-সংগীতৰ ব্যৱহাৰ হৈছে। মধ্যান্তৰ বিৰতিৰ পিছতেই, কাহিনীৰ সুষম গতি ভাঙি, শীতলতাৰে এক তীব্ৰ জোঁকাৰণি দিয়ে, যিয়ে কাহিনীৰ পট পৰিৱৰ্তন কৰে। ছবিখনৰ সম্পাদনাৰ দিশটি প্ৰায় নিখুঁত বুলিব পাৰি।

Last Film Show' Review: India's Oscar Entry a Vibrant Ode to Cinema – The  Hollywood Reporter
অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব, মূখ্য চৰিত্ৰত অভিনয় কৰা সময়(ভাৱিন ৰাবাৰী)ৰ চৰিত্ৰত আত্মস্থ অভিনয়। আন চৰিত্ৰসমূহৰ নিৰ্বাচনো ভাল। চিনেমাৰ শেষাংশই ব্যথিত কৰি তোলাৰ পিছতে পুনৰাই এটি যোগাত্মক দিশেৰে অন্ত উজ্বলাই তোলে।

(লেখকৰ মেইল: [email protected])