NORTHEAST NOW (Assamese)
অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰত গণৰাজ্য দিৱস উদযাপন

Posted by: ৰিনয় বসুমতাৰী January 26, 2018 11:59 am
কোকৰাঝাৰত গণৰাজ্য দিৱসৰ অনুষ্ঠানত অভিবাদন গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে

কোকৰাঝাৰ ৬৯ তম গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে।

বিচিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিশাল ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰে।

মহিলাৰীয়ে সুৰক্ষা বাহিনী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ –ছাত্ৰীসকলে অংশ গ্ৰহণ কৰা মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে।

বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এক বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰো প্ৰদৰ্শন দাঙি ধৰা হয়।

মহিলাৰীয়ে তেওঁৰ ভাষণত নাগৰিকসকলক দেশৰ একতা আৰু উন্নয়নৰ বাবে কাম কৰাৰ লগতে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

তেওঁ লগতে আলোচনা বিৰোধী এনডিএফবি, আলফা(স্বা:)ৰ দৰে বিদ্ৰোহী সংগঠনসমূহক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনায়।

গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিভিন্নজনক বঁটা প্ৰদান কৰা হয়।

কোকৰাঝাৰ জিলাৰ দুই মহকুমা গোসাইগাওঁ আৰু পৰ্বতঝোৰাটো বিভিন্ন কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়।