NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে পূৰ্বৰ বাজেটৰ তুলনাত ২১ শতাংশ ধন বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2019 7:56 am
Nirmala-Sitharamanjpg

শুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট-২০১৯ত অসমকে ধৰি উত্তৰ-পূবলৈ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ অধীনত ধাৰ্য্য ধনৰ পৰিমাণ হ’ল ৫৯,৩৬৯.৯০ কোটি টকা।

উল্লেখযোগ্য, চলিত বিত্তীয় বাজেটত উত্তৰ-পূবৰ বাবে ধাৰ্য্য কৰা ধনৰ সংখ্যা ২০১৮-১৯ বিত্তীয় বাজেটৰ তুলনাত ১২,২৮২ কোটি টকা বৃদ্ধি কৰা হৈছে।

২০১৮-১৯ বিত্তীয় বাজেটত উত্তৰ-পূবৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ আছিল ৪৭,০৮৭.৯৫ কোটি টকা অৰ্থাৎ চলিত বাজেটত পূৰ্বৰ বাজেটতকৈ উত্তৰ-পূবৰ বাবে ২১ শতাংশ ধন বৃদ্ধি কৰা হৈছে।

আনহাতে, বিভিন্ন বিভাগলৈ আবণ্টিত ধনৰ পৰিমাণত উত্তৰ-পূবৰ পথ পৰিবহণ আৰু যোগাযোগৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত হ্ৰাস পায়। কৃষি, নিগম আৰু কৃষকৰ উন্নয়ন বিভাগত চলিত বাজেটত উত্তৰ-পূবৰ বাবে পূৰ্বৰ তুলনাত ধাৰ্য্য কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

উত্তৰ-পূবৰ বিকাশৰ বাবে গঠন কৰা ড’নাৰ মন্ত্ৰণালয়ৰ বাবে বাজেটত ধাৰ্য্য ধনৰ পৰিমাণ পূৰ্বৰ বাজেটৰ তুলনাত ২,৬২৯ কোটি টকাৰ পৰা ৩,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

তদুপৰি চলিত বাজেটত বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল উন্নয়নৰ বাবে পূৰ্বৰ বাজেটতকৈ ১৯ কোটি টকা হ্ৰাস কৰি ৭০০ কোটি টকা ধাৰ্য্য কৰা হয়।