NORTHEAST NOW (Assamese)
অসম

কঠোৰ এন আৰ চি কৰ্তৃপক্ষ : শুনানিত গাফিলতিৰ বাবে পাঁচগৰাকী বিষয়াক নিলম্বন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2019 8:15 am
এন-আৰ-চি-1024x512

চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন কাষ চাপি অহাৰ সময়তে দাবী আৰু নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে নিষ্পত্তিকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা পাঁচগৰাকী বিষয়াক কৰ্তব্যত গাফিলতি কৰাৰ বাবে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে।

এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰতিবেদনৰ ভিত্তিত গৃহ বিভাগে এই নিৰ্দেশ দিয়ে।

জানিব পৰা মতে উক্ত বিষয়াকেইজনে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালনত গাফিলতি কৰাৰ অভিযোগত কৈফিয়ৎ তলব কৰা হৈছিল আৰু তাৰ ভিত্তিতে সমন্বয়ক হাজেলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ বিভাগক প্ৰতিবেদন দাখিল কৰিছিল।

হাজেলাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গৃহ বিভাগে তাৎক্ষণিকভাৱে বিষয়া কেইজনক নিলম্বিত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয়ভাৱে গোচৰ ৰুজু কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ নিৰ্দেশ দিয়ে।

এন আৰ চিৰ কামত গাফিলতি কৰাৰ বাবে নিলম্বিত বিষয়া কেইজন হৈছে কামৰূপ জিলাৰ পলাশবাৰী নগৰ সমিতিৰ সহকাৰী অভিযন্তা প্ৰফুল্ল কুমাৰ শৰ্মা, হাইলাকান্দিৰ কাটলিচেৰাৰ পশুপালন বিষয়া নীলমণি দেৱগোস্বামী, ধুবুৰা জিলাৰ আগমনিৰ মান সম্প্ৰসাৰণ বিষয়া ব্ৰজেন কুমাৰ ওজা, গড়কাপ্তানি বিভাগৰ অৱৰ সচিব আব্দুল কাদেৰ আহমেদ আৰু পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ইক্ৰামূল হুছেইন।

উক্ত নিলম্বিত বিষয়াকেইজন এন আৰ চি দাবী-আপত্তি প্ৰক্ৰিয়াৰ শুনানিৰ সৈতে জড়িত আছিল আৰু তেওঁলোকে তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব সম্পন্ন কৰাৰ ক্ষেত্ৰত গাফিলতি দেখুৱাইছিল।