NORTHEAST NOW (Assamese)
Popular Stories

মাজুলীৰ সত্ৰত নিৰ্মাণ কৰা বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ সন্দৰ্ভত যোৰহাট আদালতৰ জাননী প্ৰেৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2019 11:09 am

৫৫০ বছৰ পূৰ্বেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰৰ নকল ৰূপ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত নিৰ্মাণ কৰা সময়তে যোৰহাট আদালতে এই ক্ষেত্ৰত এক জাননী প্ৰেৰণ কৰিছে।

শনিবাৰে অৰ্থাৎ ৬ জুলাইত যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতি আৰু ইয়াৰ মূল পৃষ্ঠপোষক দক্ষিণপাট সত্ৰলৈ কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰেৰণ কৰিছে।

ঘটনাৰ বিৱৰণি মতে এই সন্দৰ্ভত যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত অসম সত্ৰ মহাসভাৰ আজীৱন সভ্য নীলমণি বৰাই ৪ জুলাইত গোচৰ তৰিছিল। গোচৰটোত নীলমনি বৰাই অভিযোগ উত্থাপন কৰি  কৈছিল যে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক অসমৰ সৰ্বজন গৃহীত একমাত্ৰ ধৰ্ম একশৰণ ভাগৱতী ধৰ্মৰ উদ্ভাৱক তথা প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এই নকল বৃন্দাৱনী বস্ত্ৰ তৈয়াৰ কৰিব খোজা কাৰ্যই হেয় প্ৰতিপন্ন কৰাৰ লগতে সমগ্ৰ অসমজুৰি ব্যাপি থকা গুৰুজনাৰ লাখ লাখ ভক্তৰ ধৰ্মীয় উপাসনাত আঘাত হানিব। তদুপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাৱ আদৰ্শৰে বৰ্তি থকা সমগ্ৰ অসমৰ ১২০০ খনৰো অধিক সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰাত আঘাত আনিব।

মন কৰিবলগীয়া যে দক্ষিণপাট সত্ৰৰ এই বৃন্দাৱনী বস্ত্ৰৰ নকৰ ৰূপ নিৰ্মাণ কাৰ্যত ঐতিহাসিক বৰপেটা, বৰদোৱা, পাটবউসী, মধুপুৰ, নাৰায়ণ দাস আটা গুৰুমুখী সত্ৰ আদি সত্ৰসমূহে তীব্ৰ বিৰোধিতা কৰিছিল যদিও এই বিৰোধিতাক কোনো গুৰুত্ব প্ৰদান নকৰিলে। ফলত নীলমণি বৰাই আদালতত গোচৰ তৰিবলৈ বাধ্য হয়।

আদালতে এই সন্দৰ্ভত বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কাৰ্যত কিয় নিষেধাজ্ঞা জাৰি কৰা নহ’ব বুলি প্ৰশ্ন কৰি দক্ষিণপাট সত্ৰ আৰু অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ সমিতিলৈ কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰেৰণ কৰি ১৬ জুলাইত পৰৱৰ্তী দিন ধাৰ্য কৰে।