NORTHEAST NOW (Assamese)
Popular Stories

৩ বছৰীয়া শিশুক বলি দিবলৈ উন্মাদ হোৱা পুলকেশ চহৰীয়াৰ গুৱাহাটী চিকিৎসালয়ত মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2019 12:38 pm

অন্ধ বিশ্বাসৰ কৱলত পৰি নিজৰ ঘৰৰ মন্দিৰতে উলংগ হৈ পূজা-অৰ্চনা কৰি নিজৰে খুলশালীয়েকৰ তিনিবছৰীয়া কন্যা সন্তানক বলি দিবলৈ উদ্যত হোৱা পৰিয়ালটোৰ সদস্য পুলকেশ চহৰীয়াই আজি পুৱা গুৱাহাটি চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয়।

আনহাতে ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি উন্মাদ হোৱা পৰিয়ালটোৰ মূল সদস্য যাদৱ চন্দ্ৰ চহৰীয়া বৰ্তমানো গুৱাহাটী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক http://মানৱ সভ্যতাক লজ্জানত কৰি মন্দিৰৰ ভিতৰত উলংগ হৈ ৩ বছৰীয়া শিশুক বলি দিয়াৰ চেষ্টা পৰিয়ালৰ

উল্লেখযোগ্য যে কালি অৰ্থাৎ শনিবাৰে পৰিয়ালটোৱে এজন ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি নিজৰ ঘৰৰ মন্দিৰতে উলংগ হৈ পূজা-অৰ্চনা কৰি এটি তিনিবছৰীয়া শিশুক বলি দিয়াৰ বাবে যোজা চলাইছিল।

কিন্তু সেই সময়তে স্থানীয় ৰাইজ, আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে শিশুটিক বিল দিয়া কাৰ্যত বাধা প্ৰদান কৰে। বাধা প্ৰদান কৰিবলৈ যাওঁতে শিশু বলি দিবলৈ উন্মাদ হৈ থকা পৰিয়ালটোৱে স্থানীয় ৰাইজ, সাংবাদিক, আৰক্ষীক দা-কুঠাৰ লৈ আক্ৰমণ কৰিবলৈ আহে। আনকি নিজৰ ঘৰৰ সামগ্ৰী নিজেই জ্বলাই ভস্মীভূত কৰে।

ফলত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলী চালনা কৰিবলৈ বাধ্য হয়। এই গুলী চালনাত পৰিয়ালটোৰ মূল সদস্য যাদৱ চন্দ্ৰ চহৰীয়া আৰু পুতেক পুলকেশ চহৰীয়াৰ ভৰিত গুলী লাগিছিল। পিছত গুলীবিদ্ধ লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

অৱশেত আজি পুৱা ভণ্ড বাবাৰ প্ৰৰোচনাত পৰি বলি দিবলৈ উন্মাদ হোৱা পলুকেশ চহৰীয়াই মৃত্যুক আঁকোৱালি লয়।