NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ এৰিলে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকে

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং July 10, 2019 11:46 am
Bidya-Sing-Rongpi-750x375

দীৰ্ঘকাল ধৰি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্পাদক তথা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিদ্যাছিং ৰংপিয়ে মঙলবাৰে দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে।

জিলা কংগ্ৰেছৰ সভাপতি বীৰেণছিং ইংতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰংপিয়ে কয় যে ব্যক্তিগত আৰু ঘৰুৱা সমস্যাৰ বাবে তেওঁ দলত আৰু সেৱা আগবঢ়াবলৈ সক্ষম নহয়, সেয়ে দলৰ সকলো পদ আৰু সদস্যৰ পৰা পদত্যাগ কৰিছে।

উল্লেখযোগ্য যে কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰা অনুসৰি ৰংপিয়ে বিজেপিত যোগদান কৰাৰ উদ্দেশ্যেই কংগ্ৰেছ দল ত্যাগ কৰিছে। অৱশ্যে ৰংপিয়ে এনেবোৰ কথাৰ কোনো সত্য সত্যতা নাই বুলি মন্তব্য কৰিছে।

তদুপৰি দলটোৰ ভাতৃ সংগঠনৰ আন কেইবাগৰাকী নেতায়ো অতি শীঘ্ৰে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে।

মন কৰিব লগীয়া যে লোকসভা নিৰ্বাচনৰ আগে পিছে কাৰ্বি আংলং কংগ্ৰেছৰ বহু কেইজন শীৰ্ষ পৰ্যায়ৰ নেতা তথা কৰ্মীয়ে দলত্যাগ কৰা পৰিলক্ষিত হৈছে। আগন্তুক দিনতো যদি এনেদৰে দল ত্যাগ কাৰ্য অব্যাহত থাকে তেন্তে জিলাখনত কংগ্ৰেছৰ বাবে ২০২১ বিধান সভা যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব।