NORTHEAST NOW (Assamese)
অসম

অসম অলিম্পিক সন্থাৰ পৰা বাহিৰ হ’ল তৰুণ গগৈ আৰু ৰকিবুল হুছেইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2019 6:59 am
Tarun Gogoi and Rokibul Hussain

সময়মতে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ দলীয় সতীৰ্থ ৰকিবুল হুছেইনক অসম অলিম্পিক সন্থাৰ দায়িত্বভাৰৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত থকা তৰুণ গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত থকা ৰকিবুল হুছেইনক পদৰ পৰা আঁতৰ কৰি অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কমিতিখন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতীয় অলিম্পিক সন্থাই তৰুণ গগৈ আৰু ৰকিবুল হুছেইনলৈ পত্ৰ প্ৰেৰণ কৰি এই সম্পৰ্কত আনুষ্ঠানিকভাৱে জনায়।

আনহাতে, ভাৰতীয় অলিম্পিক সন্থাই সুৰিন্দ্ৰ মোহন বালিৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া নতুন আহ্বায়ক কমিটিক আগন্তুক ছয় মাহৰ ভিতৰতে অসম অলিম্পিক সন্থাৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, তৰুণ গগৈ আৰু ৰকিবুল হুছেইনে দীৰ্ঘদিনৰ পৰা অসম অলিম্পিক সন্থাৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছিল।

ভাৰতীয় অলিম্পিক সন্থাৰ এনেধৰণৰ যোগাত্মক সিদ্ধান্তক  অসম  এথলেটিকছ সন্থাৰ লগতে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীয়ে আদৰণি জনাইছে।