NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বানৰ কবলত তিনিচুকীয়াৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, জীৱকুলৰ হাহাকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2019 9:26 am
Dibru Saikhowa National Park

অসমত বিগত তিনিদিন ধৰি হৈ থকা প্ৰৱল বৰষুণৰ ফলশ্ৰুতিত বিভিন্ন জিলা বানপানীৰ কৱলত পৰিছে। লখিমপুৰ, ধেমাজী, যোৰহাট, তিনিচুকীয়া আদিৰ লগতে নামনি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং জিলা বানপানীৰ কৱলত পৰিছে।

বৰষুণৰ বাবে ক্ৰমাগতভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। তিনিচুকীয়া জিলাতো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন কৰি তুলিছে।

বানপানীৰ কৱলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত থকা জীৱকুল সমূহে বৰ্তমান খাদ্য আৰু আশ্ৰয়স্থলৰ নাটনিত পৰা বুলি খবৰ লাভ কৰা হৈছে।

উল্লেখযোগ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ কৱলত পৰা জীৱ-জন্তুসমূহে আশ্ৰয় বিচাৰে ওখ ঠাইলৈ আহিবলৈ লৈছে আৰু খাদ্যৰ সন্ধানত জনাঞ্চলতো প্ৰৱেশ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বানপানীৰ ফলত ওলাই অহা জীৱ-জন্তু সমূহৰ যাতে কোনো দুষ্ট চক্ৰই ক্ষতি কৰিব নোৱাৰে তাৰবাবে বন বিভাগৰ লগতে স্থানীয় জিলা-প্ৰশাসনক ব্যৱস্থাগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে।

প্ৰতিবছৰে হোৱা বানপানীয়ে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,  মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰী উদ্যানক ক্ষতি কৰি আহিছে যাৰবাবে তাত থকা জীৱকুলে যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হয়।