NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় দহটাকৈ বন শিবিৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 12, 2019 5:03 pm

বৰ্তমানো অপৰিৱৰ্তিত চামগুৰিৰ বান পৰিস্থিতি। চামগুৰিৰ লাওখোৱাৰ সমীপৱৰ্তী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ লগতে নিকটৱৰ্তী বুঢ়াচাপৰি ধনীয়া গাঁৱতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে চুড়ান্ত প্ৰলয়ৰ।

বাৰিষাৰ প্ৰথমটো প্ৰলয়ংকাৰী বানে ভাবুকি কঢ়িয়াই আনিছে অভয়াৰণ্য আৰু জনাঞ্চল দুয়োলৈকে। ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা একমাত্ৰ পকী পথটোও বৃহস্পতিবাৰে বিয়লি ছিঙি নিয়া সমান্তৰাল ভাৱে মাত্ৰ দুটাকৈ বন শিবিৰৰ বাহিৰে অভয়াৰণ্য খনৰ প্ৰায় দহটাকৈ বন শিবিৰ সম্প্ৰতি বাঢ়নী পানীৰ তলত।

বন বিষয়া তথা বনৰক্ষী সকলে অভয়াৰণ্যখনৰ ভিতৰত যাতায়াতৰ বাবে ব্যৱহাৰ কৰিব লগীয়া হৈছে টুলুঙা নাও। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰি প্ৰায় উচন হৈছে অভয়াৰণ্যৰ অন্তৰ্গত ঠুলুংমুকলি এলেকাৰ অধিকাংশ ভূমি। আনফালে অভয়াৰণ্যৰ গাতে লাগি থকা ধনীয়া গাওঁখনো এতিয়া নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ প্ৰকোপত পৰি এতিয়া নিজৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে পূৰ্বৰে পৰা প্ৰৱল গৰাখহনীয়াই ভৰাক্ৰান্ত কৰা গাওঁখনৰ বাকী থকা পৰিয়াল কেইটাই।