NORTHEAST NOW (Assamese)
অসম

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে সকলো সহায় আগবঢ়াব : অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2019 7:06 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বিতংভাৱে অৱগত কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক বানপানীৰ ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত প্ৰশাসনক ইতিমধ্যে সষ্টম কৰি তোলা হৈছে বুলি জনায়।

বান পীড়িতৰ সাহায্য আৰু উদ্ধাৰ অভিযনাত প্ৰশানক সকলো ধৰণৰ সহায় সহযোগিতা তথা এই অভিযানত নিজকে সক্ৰিয়ভাৱে জড়িত হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী সাংসদ, বিধায়ক, পঞ্চায়ত তথা অন্যান্য নিকায়ৰ জনপ্ৰতিনিধি সকলক আহ্বান জনোৱা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীক অৱগত কৰে।

তাৰোপৰি মুখ্য মন্ত্ৰী সোণোৱালে অমিত শ্বাহক কয় যে শেহতীয়া বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে 24X 7 বান নিয়ন্ত্ৰণ কক্ষ ইতিমধ্যে সক্ৰিয় কৰা হৈছে আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে বানত আবদ্ধ জনসাধাৰণলৈ প্ৰয়োজনীয় সেৱা আগবঢ়াই আছে।

বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।