NORTHEAST NOW (Assamese)
অৰুণাচল

চাংলাঙত এন এছ চি এন (কে) য়াং আং গোটৰ ৪ সদস্যক আটক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 14, 2019 10:07 pm

অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলাই কালি অৰ্থাৎ শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে) য়াং আং গোটৰ চাৰিজনকৈ দুধৰ্ষ সদস্যক আটক কৰে।

জানিব পৰা মতে জিলাখনৰ চাংলাঙৰ সমীপৰ লংখি অঞ্চলৰ পৰা আটক কৰা বিদ্ৰোহী কেইজন ম্যানমাৰৰ নাগৰিক।অভিযানকাৰী দলে সদস্য কেইজনৰ পৰা জব্দ কৰে প্ৰায় তিনি লাক্ষাধিক টকাৰ কানিসহ তিনিটা মবাইল ফোন।

অভিযানকাৰী দলৰ এক সূত্ৰই জনোৱা মতে এন এছ চি এন (কে)ৰ য়াং আং গোটে চাংলাং জিলাত নিৰাপত্তা বাহিনীক ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছিল।

ইতিমধ্যে উগ্ৰপন্থী কেইজনৰ বিৰুদ্ধে চাংলাং থানাত এটা গোচৰ ৰুজু কৰি সোধা-পোছা চলাই থকা হৈছে বুলি আৰক্ষীৰ এক সূত্ৰই জনায়।