NORTHEAST NOW (Assamese)
অসম

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কাষত সমগ্ৰ দেশৰ চিকিৎসক ||আৰক্ষী বিষয়া-স্বামীৰ ভাবুকি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2019 1:13 pm
Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara

অসম আৰক্ষীৰ বিষয়া গায়ত্ৰী সোণোৱালৰ নাম লৈ স্বামী চনি শৰ্মা ওৰফে ববি সিঙে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চিকিৎসকক দিয়া ভাবুকিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে সমগ্ৰ ভাৰতৰ চিকিৎসকসকল।

ব্যক্তিজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় পশু চিকিৎসক সংস্থাই অসমৰ মুখ্য সচিবলৈ দিয়া এক জৰুৰী পত্ৰ নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰিছে।

“শাৰীৰিকভাৱে অপদস্থ আৰু অবাঞ্চিত আচৰণ কৰি” “ভুল কৰা” (erring) ব্যক্তিজনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংস্থাই অসমৰ ইণ্টাৰ্নীসকলৰ সৈতে থিয় দিছে।

“আমি ভাৰতীয় পশু চিকিৎসক সংস্থাই দোষী ব্যক্তিজনৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ আৰু কৰ্মথলীত চিকিৎসকৰ বিৰুদ্ধে হিংসা সন্দৰ্ভত ৰাজ্য চৰকাৰে এখন আইন প্ৰণয়ন কৰাটো আৰু ইয়াক বিচাৰসাধ্য অপৰাধ কৰি তোলাৰ বাবেও অনুৰোধ জনাওঁ,” অসমৰ মুখ্য সচিবলৈ ভাৰতীয় পশু চিকিৎসা সংস্থাৰ সভাপতি ডাঃ চিৰন্তন কাদিয়ানে দিয়া পত্ৰত উল্লেখ।

পত্নীৰ নাম লৈ ভাবুকি দিয়া আৰু এ পি বি এনৰ বিভাগীয় কুকুৰ বুলি নিজৰ কুকুৰৰ চিকিৎসা কৰোৱা ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে দিচপুৰ থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে।

Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara
ভাৰতীয় পশু চিকিৎসক সংস্থাই অসমৰ মুখ্য সচিবলৈ দিয়া পত্ৰৰ প্ৰতিলিপি।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰাৰ ক্লিনিক সঞ্চালকৰ লগতে দুজন কনিষ্ঠ চিকিৎসকেও চনি শৰ্মা ওৰফে ববি সিঙৰ বিৰুদ্ধে যোৱা ১৩ জুলাইত এজাহাৰ দাখিল কৰিছে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে অভিযোগটোৰ তদন্ত কৰি আছে।

কিন্তু সূত্ৰ অনুসৰি, পত্নীবলেৰে বলিয়ান অভিযুক্ত ব্যক্তিজনক দেওবাৰ-পৰ্য্যন্ত আৰক্ষীয়ে সোধ-পোচো কৰা নাই।

নিৰাপত্তা বিচাৰি কনিষ্ঠ চিকিৎসকসকল আন্দোলনত বহিব লগা বিষয়টোক লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱায়ো উদ্বিগ্নতা প্ৰকাশ কৰি ব্যক্তিজনৰ “শাস্তি”ৰ পোষকতা কৰিছে।

Gayatri Sonowal assam police officer with husband. Alleged manhandling at workplace: Indian Veterinary Association stands firm with junior doctors of CVSc, Khanapara
পত্নী, দশম এ পি বি এনৰ ছেকেণ্ড-ইন-কমাণ্ড গায়ত্ৰী সোণোৱালৰ সৈতে ববি সিং ওৰফে চনি শৰ্মা।

উপাচাৰ্য্যই বিষয়টো সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ গৃ্হ বিভাগৰ অতিৰিক্ত প্ৰধান সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতেও কথা পতা বুলি জানিব পৰা গৈছে।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অ’ পি দিত যোৱা ৬ জুলাইতে ঘটনাটো সংঘটিত হৈছিল।

উপস্থিত কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকৰ লগতে মহাবিদ্যালয়ৰ দুগৰাকী জ্যেষ্ঠ অধ্যাপকেও “আৰক্ষী বিষয়া পত্নীৰ নাম লৈ” উদ্ভণ্ডালি কৰা লোকজনক শান্ত কৰাৰ চেষ্টা কৰিছিল।

কিন্তু কাহিলীপাৰাৰ দশম এ পি বি এনৰ নামত প্ৰেছক্ৰিপচন লিখাই নিজৰ পোহনীয়া কুকুৰৰ চিকিৎসা কৰোৱাই আনি অভিযুক্ত লোকজনে সেইদিনাই দিচপুৰ থানাত ওলোটাই মহাবিদ্যালয়ৰ বিৰুদ্ধেহে এখন এজাহাৰ (১৯৯৬/১৯) দাখিল কৰে।

অভিযোগমতে, পিছত যোৱা ১২ জুলাইত দিচপুৰ আৰক্ষীৰ আমন্ত্ৰণত বিষয়টো আলোচনাৰ বাবে অহা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দুজন ছাত্ৰক তেওঁ থানাৰ সন্মুখতে পুনৰ আক্ৰমণ আৰু ভাবুকি প্ৰদান কৰে।

লগতে পঢ়ক– কেতিয়া আটক হ’ব আৰক্ষী-স্বামী? কিয় নিৰাপত্তাহীন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়?

ঘটনাটো সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ গায়ত্ৰী সোণোৱালৰ মন্তব্য জনাৰ চেষ্টা কৰিছিল যদিও তেওঁক ফ’নত পোৱা হোৱা নাছিল।