• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়া আটক হ’ব আৰক্ষী-স্বামী? কিয় নিৰাপত্তাহীন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2019 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু কনিষ্ঠ চিকিৎসকৰ দুখনকৈ এজাহাৰৰ পিছতো দেওবাৰ-পৰ্য্যন্ত আটক হোৱা নাই “আৰক্ষী-স্বামী” চনি শৰ্মা ওৰফে ববি সিং ওৰফে সুভাষ চন্দৰ।

সূত্ৰ মতে, দেওবাৰ-পৰ্য্যন্ত সোধ-পোচো কৰা হোৱা নাই কাহিলীপাৰাৰ দশম অসম আৰক্ষী বেটেলিয়নৰ চেকেণ্ড-ইন-কমাণ্ডাৰ গায়ত্ৰী সোণোৱালৰ স্বামী চনি শৰ্মাক।

Apply Now

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে নৰ্থ ইষ্ট নাওক তেওঁ ঘটনাটোৰ তদন্ত কৰি আছে বুলি জনাইছে।

কিন্তু প্ৰশ্ন হৈছে, এজন লোক– নিশ্চিতভাৱে তেওঁ আৰক্ষী বিষয়াৰ স্বামী–ৰ বাবে চৰকাৰী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় এখনৰ অতি গুৰুত্বপূৰ্ণ দৈনন্দিন কাম-কাজ ব্যাহত হ’ব পাৰেনে?

এই নহ’বলগীয়া গুৰুতৰ ঘটনাটোৱেই ঘটিছে। আৰু “অত্যাৱশ্যকীয় সেৱা” চিকিৎসা এৰি কনিষ্ঠ চিকিৎসক প্ৰতিবাদত বহিব লগা হৈছে।

“চনি শৰ্মাৰ এইধৰণৰ আচৰণে ইণ্টাৰ্নী আৰু কৰ্তব্যৰত চিকিৎসকসকলক অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাৰ পৰা আঁতৰাই ৰাখিছে। এনে অমানৱীয় কাৰ্য্য-কলাপে ইণ্টাৰ্নী, আন চিকিৎসককে ধৰি সকলো ছাত্ৰ-ছাত্ৰীক তীব্ৰ চাপত পেলাইছে,” শৰ্মাৰ বিৰুদ্ধে অভিযোগেৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এজাহাৰত উল্লেখ।

নিৰাপত্তাহীনতাত ভুগি কোনোবাই “অত্যাৱশ্যকীয় সেৱা” আগবঢ়াব পাৰেনে?

“চনি শৰ্মাই বলিয়ালিৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি মোক গুৰিয়াইছে আৰু অভব্য আচৰণ কৰিছে। এই অভব্য আচৰণে পশু চিকিৎসা বৃত্তি তথা জীৱনৰ প্ৰতিও ভাবুকি নমাই আনিছে। লগতে তেওঁ কথাই প্ৰতি তেওঁৰ পত্নীৰ পদবীৰ দোহাই দি আমাক ভাবুকি দিয়াৰ লগতে সমগ্ৰ বৃত্তিটোকে অপমান কৰিছে। গতিকে আমি চৰম নিৰাপত্তাহীনতাত ভুগিছো আৰু আমাক ইয়াৰ এক উচিত তদন্ত লাগে,” নৰ্থ ইষ্ট নাওত এই মন্তব্য “আৰক্ষী-স্বামী”ৰ আক্ৰমণ আৰু ভাবুকিৰ বলি হোৱা অন্যতম এজাহাৰকাৰী কনিষ্ঠ চিকিৎসক দেৱব্ৰত কোঁৱৰৰ।

কোঁৱৰ আৰু চম্পক ডেকা নামৰ আন এজন কনিষ্ঠ চিকিৎসকক শনিবাৰে সন্ধ্যা দিচপুৰ থানাৰ সন্মুখতে আক্ৰমণ আৰু ভাবুকি দিছিল চনি শৰ্মাই, এজাহাৰত উল্লেখ।

অভিযোগমতে, যোৱা ৬ জুলাইত খানাপাৰাৰ মহাবিদ্যালয়খনত উদ্ভণ্ডালি কৰা শৰ্মাই সেইদিনাই ওলোটাই মহাবিদ্যালয়খনৰ ওপৰতে দিচপুৰ থানাত এটা গোচৰ (নং ১৯৯৬/১৯) ৰুজু কৰিছিল।

বাৰেপতি নিজকে “এ এছ পিৰ স্বামী” বুলি হুমকি দিয়া চনি শৰ্মাই এ পি বি এনৰ নামত কুকুৰটো চিকিৎসা কৰাইছিল। সেয়া প্ৰেছক্ৰিপচনত স্পষ্টকৈ উল্লেখ আছে।

লগতে পঢ়ক– আৰক্ষী বিষয়াৰ স্বামীৰ গুণ্ডাগিৰি! ‘প্ৰতাপী পত্নী’ৰ ক্ষমতা প্ৰয়োগেৰে পশু চিকিৎসকক প্ৰহাৰ, দুৰ্ব্যৱহাৰ

কিন্তু পিছত ১০ম এ পি বি এনৰ কমাণ্ডেণ্ট গৌতম বৰুৱাই জনাই যে এ পি বি এনৰ কোনো কুকুৰ নাই, চি আই দিৰহে আছে। অৰ্থাৎ অসম আৰক্ষীৰ গাড়ীৰে এ পি বি এনৰ কুকুৰ বুলি নিজৰ পোহনীয়া কুকুৰ চিকিৎসা কৰোৱাইছিল চনি শৰ্মাই।

শুকুৰবাৰে সন্ধিয়া সেই অভিযোগ সংক্ৰান্তত দিচপুৰ থানাই মাতি পঠোৱাত উপস্থিত হোৱা কনিষ্ঠ চিকিৎসক কোঁৱৰ আৰু ডেকাক “আৰক্ষী স্বামী” শৰ্মাই থানাৰ সন্মুখতে পুনৰ আক্ৰমণ আৰু ভাবুকি প্ৰদান কৰে।

সেই ঠাইতে মূৰ ঘূৰাই পৰি যোৱা দেৱব্ৰত কোঁৱৰ নামৰ ছাত্ৰজনক চনি শৰ্মাই অশালীন গালি-গালাজ কৰি “গুৰিয়াই” বুলিও অভিযোগ কৰা হৈছে।

ছাত্ৰ দুজনে দিয়া এজাহাৰত উল্লেখ, থানাৰ পৰা ওলাই অহাৰ পিছত থানাৰ সমীপতে চনি শৰ্মাই তেওঁলোকক “মহাবিদ্যালয়ৰ বিৰুদ্ধে সাক্ষী দিবলৈ ভাবুকি দিয়ে”।

ঘটনাটো সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য কমল মল্ল বুজৰবৰুৱায়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে।

“তেওঁ নিশ্চয়কৈ শাস্তি পাব লাগে,” নৰ্থ ইষ্ট নাওত মন্তব্য উপাচাৰ্য্য বুজৰবৰুৱাৰ।

উপাচাৰ্য্যগৰাকীয়ে এই সন্দৰ্ভত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সৈতেও যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।

চনি শৰ্মাৰ পত্নী, অসম আৰক্ষীৰ বিষয়া গায়ত্ৰী সোণোৱালৰ মন্তব্য লোৱাৰ বাবে চেষ্টা কৰা হৈছে, কিন্তু তেওঁক পোৱা হোৱা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd