অসম আৰক্ষীৰ এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়া গায়ত্ৰী সোণোৱালৰ স্বামী ববী সিঙৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰি আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকসকলে।
উল্লেখযোগ্য যে, যোৱা ৬ জুলাইৰ দিনা মুঠ ৭ টা কুকুৰ চৰকাৰী বাহনত লৈ সোণোৱালৰ স্বামীয়ে চিকিৎসা কৰাবলৈ আহিছিল চিকিৎসালয়খনত। সেই সময়ত তেওঁ নিৰ্দিষ্ট শাৰীত থিয় নহৈ পৰীক্ষা কেন্দ্ৰৰ সন্মুখলৈ গৈ তেওঁৰ কুকুৰ কেইটা আগত চিকিৎস্যা কৰাবলৈ নিৰ্দেশ দিয়ে।
তেওঁক অলপ ধৈৰ্য ধৰিবলৈ কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকে কোৱাত তেওঁ এই বুলি কয় “মই কোন চিনি পোৱা নাই, মই asp ৰ স্বামী হয়, তোমাৰ career খতম কৰি দিম’’।
শুকুৰবাৰে দিছপুৰ থানাৰ সন্মুখতো এজন কণিষ্ঠ চিকিৎসকক তেওঁ অশ্ৰাৱ্য ভাষাৰে গালি দিয়াৰ লগতে প্রহাৰৰ অভিযোগ তোলে।
এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে আজি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসালয়খনত কৰ্মৰত কনিষ্ঠ চিকিৎসকসকলে।
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি কালিৰ ঘটনাৰ ভুক্তভোগী কনিষ্ঠ চিকিৎসক দেবব্ৰত কোঁৱৰে নৰ্থ ইষ্ট নাওৰ আগত কয় ‘তেওঁ কুকুৰ চিকিৎসা কৰাবলৈ অহাৰ সময়ত নিজকে ১০ এপিবিএনৰ আৰক্ষী বুলি পৰিচয় দিছিল। তেওঁ দৰৱ দিয়া স্থানত থিয় নহৈ পৰীক্ষা কেন্দ্ৰৰ সন্মুখত থিয় হৈ কুকুৰ কেইটা আগতীয়াকৈ চিকিৎসা কৰিবৰ বাবে হুলস্থুল লগাইছিল। তেতিয়া আমাৰ কনিষ্ঠ চিকিৎসকে তেওঁক অলপ ধৈৰ্য্য ধৰিবলৈ কোৱাত তেওঁৰ ঘৰৰ মানুহ এ এছ পি বুলি পৰিচয় দি আমাক চাই ল’ম বুলি ভাবুকি দিয়ে।‘
আনহাতে, কালি দিচপুৰ থানাৰ সন্মুখত সোণোৱালৰ স্বামীয়ে কনিষ্ঠ চিকিৎসকগৰাকীক ভৰিৰে গুৰিওৱাৰো অভিযোগ উত্থাপন কৰি কোঁৱৰে কয় ‘মোক ভৰিৰে গুৰিয়াই দিছিল। চিকিৎসক হিচাপে আমাক ন্যায় লাগে। অসমীয়া ডাক্তৰ তেওঁৰ ভৰিৰ জোতাৰ ধূলিৰ নিচিনা বুলিও তেওঁ ধমক দিছিল।‘
আন এগৰাকী প্ৰতিবাদী চিকিৎসকে কয় ‘অসমীয়া মেডিয়াই তেওঁৰ একো কৰিব নোৱাৰে। আমি তেওঁৰ বিৰুদ্ধে ক’লে মিডিয়াক ১ লাখ টকা দি কিনি ল’ব বুলিও আমাক ধমকি দিছিল।‘
তাৎপৰ্য্যপূৰ্ণভাৱে, সোণোৱালৰ স্বামীয়ে চৰকাৰী বাহন আৰু তেওঁৰ পত্নীৰ নিৰাপত্তাৰক্ষী ব্যৱহাৰ কৰে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। এজন আৰক্ষী বিষয়া নোহোৱাকৈ তেওঁ কেনেকৈ এই সুবিধাসমূহ লাভ কৰি আহিছে সেয়া বিচৰ্য্য বিষয়। এই বিষয়ে আমি জানিব বিচাৰিছিলো ১০ এপিবিএনৰ কামাণ্ডেট গৌতম বৰুৱাৰ পৰা।
‘ববী সিং নামৰ কোনোবা আৰক্ষী বিষয়া নাই। ববী সিং গায়ত্ৰী সোণোৱালৰ স্বামী, কিন্তু তেওঁৰ লগত কোনো চিকউৰিটী দিয়া হোৱা নাই। তেওঁৰ পত্নীৰ লগতহে দিয়া হৈছে চিকিউৰিটী। গায়ত্ৰী সোণোৱাল আমাৰ চেকেণ্ড ইন কামাণ্ডাৰ। এইদৰে কয় কামাণ্ডেট গৌতম বৰুৱাই।
আনহাতে, নিজৰ ব্যক্তিগত কুকুৰৰ চিকিৎসা ১০ এপিবিএনৰ নামত পঞ্জীয়ন কৰোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। কিয়নো গৌতম বৰুৱাই জানিবলৈ দিয়া মতে ১০ এপিবিএনৰ নিজস্ব কোনো চৰকাৰী কুকুৰ নাই।
‘চৰকাৰী কুকুৰ আমাৰ ১০ এপিবিএনত নাই। চি আই ডি ত থাকে।‘ গৌতম বৰুৱাই এইদৰে কয়।
এনেদৰে অসম আৰক্ষীৰ প্ৰভুত্ব দেখুৱাই চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ সঁচা অৰ্থত তদন্ত হ’ব নে? সেয়া বিচাৰ্য্য বিষয় হ’ব আগন্তুক সময়ত এই ক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্ব পালন কৰি থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাও লক্ষণীয় হ’ব।