NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস July 18, 2019 10:42 pm
chandra mohan

সত্ৰনগৰী বৰপেটা চহৰত হোৱী বানপানীৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি চহৰখনত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ দিনৰ প্ৰায় ১ বজাত চহৰখনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পোন প্ৰথমে বৰপেটা সত্ৰত গৈ সেৱা লয় ৷

ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে চহৰখনৰ বিলৰতাৰিহাটী, দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুল, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ অভাৱ অভিযোগৰ বুজ লয় ৷

শিবিৰত থকা বন্যাৰ্তসকলে বিশুদ্ধ খোৱাপানী, শৌচালয়, চিকিৎসা সেৱা আদিৰ অভাৱত ভূগি থকা বুলি মন্ত্ৰীগৰাকীক অৱগত কৰে ৷

আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰা সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসে ৷

ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ পৰিবৰ্তে এই সমস্যাৰ স্থায়ী সমাধানতহে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে ৷ অসমৰ বানপানীৰ উৎসৰ আৰু বানপানীৰ কাৰণৰ জৰীপৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ১০০ কৌটি টকা ধাৰ্য কৰিছে বুলিও তেওঁ কয় ৷

উক্ত জৰীপ সম্পন্ন হোৱাৰ পাছত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হব বুলিওঁ তেওঁ আশা ব্যক্ত কৰে ৷

বৰপেটা জিলাত বানাক্ৰান্তৰ বাবে চাউলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী আৰু পশুখাদ্য দি থকা বুলি তেওঁ জানিবলৈ দিয়ে ৷ বানপানীৰ পাছত উপায়ুক্তই দাখিল কৰা তথ্যৰ ভিত্তিত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়া হব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷