NORTHEAST NOW (Assamese)
অৰুণাচল

ৰুষ্ট প্ৰকৃতিৰ কোপদৃষ্টি; পুৱতি নিশা ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2019 10:24 am
Earthquake

বানপানীয়ে জুৰুলা কৰা অসম তথা উত্তৰ-পূৱত এতিয়া ভূমিকম্পই আতংকৰ সৃষ্টি কৰিছে। অসমকে ধৰি উত্তৰ-পূবক ২৪ ঘণ্টাৰ ভিতৰত চাৰিটা সৰু আৰু মজলীয়া ধৰণৰ ভূমিকম্পই জোকাৰি যায়।

আজি পুৱতি নিশা ৪ বাজি ২৪ মিনিটত এটা ৫.৫ প্ৰাবল্যৰ মৃদু ভূমিকম্পই পুনৰ জোকাৰি যায় উত্তৰ-পূবক।

উল্লেখযোগ্য যে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ২ বাজি ৫০ মিনিটত অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবক এটা মজলীয়া ভূমিকম্পই জোকাৰি গৈছিল।

উৎপত্তি স্থল অৰুণাচল প্ৰদেশ বুলি চিহ্নিত হোৱা ৫.৯ প্ৰাবল্যৰ ভূমিকম্পটোৱে প্ৰায় ১০-১৫ ছেকেণ্ড ধৰি উত্তৰ-পূব বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশক জোকাৰি যায়।

অসমৰ সকলো জিলাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, বিশ্বনাথকে ধৰি গুৱাহাটী মহানগৰীৰৰ লোকসকল ভূমিকম্পটোৰ ফলত আতংকিত হৈ পৰে।

নগাঁৱত ভূমিকম্পৰ জোকাৰণিৰ ফলত মানুহৰ ঘৰৰ ছাদ পৰ্য্যন্ত খহি পৰে যদিও কোনো লোক হতাহত হোৱা নায়।

আনহাতে, ৩ বজাৰ পৰা ৩ বাজি ৩০ মিনিটৰ ভিতৰত অৰুণাচলত উৎপত্তি হোৱা দুটা সৰু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৰাজ্যত।

বানপানীৰ পাছত ক্ৰমাগত ভাৱে আহি থকা ভূমিকম্পই সংকিত কৰি তুলিছে ৰাজ্যৰ জনসাধাৰণক।