NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক কেবিনেটৰ বৈঠক : কেবিনেটে ল’লে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 6:48 am
Sonowal-Cabinet-1140x570

সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত কেইবাটাও চমক সৃষ্টিকাৰী সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত অসম লোকসেৱা আয়োগ আইন সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেবিনেটে পঞ্চায়ত সভাপতি-সদস্য, জিলা পৰিষদৰ সদস্যৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, নগৰ সমিতিৰ নিৰ্বাচনত পৰিয়াল পৰিকল্পনা নীতি বাধ্যতামূলক কৰা হ’ব। সেই অনুসৰি, ৱাৰ্ড কমিছনাৰ প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। তদুপৰি, প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী  উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব। এইক্ষেত্ৰত অনুসূচীত জাতি আৰু অনুসূচীত জাতিৰ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

কেবিনেটে অসম ৰাজ্যিক উদ্যোগ নীতিতো অনুমোদন জনাইছে। সেইদৰে নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিতো কেবিনেটে অনুমোদন জনাইছে।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, আগৰ খেতি কৰা আৰু কটাত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। এইক্ষেত্ৰত ৩৫ বিঘালৈকে ৰোৱা আৰু কটাত কোনো অনুমতি নালাগিব। তদুপৰি, গোলাঘাটত আগৰৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেড চেণ্টাৰ প্ৰতিষ্ঠা কৰা হ’ব।

ইপিনে, কেবিনেটৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গুৱাহাটী পৌৰ নিগমত ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৱাৰ্ডৰ সংখ্যা ৩১টালৈ হ্ৰাস কৰিছিল ।

জলসম্পদ বিভাগত ‘থ্ৰী এফ’ত ৮০জন সহকাৰী অভিযন্তা আৰু ৭০জন কনিষ্ঠ অভিযন্তা নিযুক্তিতো কেবিনেটে অনুমোদন জনাইছে।

আনহাতে, কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ২ কেজিকৈ বিনামূলীয়া চেনি আগবঢ়োৱা হ’ব। তদুপৰি, চাহ বাগিচাৰ ‘আপোন ঘৰ’ আঁচনিত ৰাজসাহায্য ২.৫ লাখলৈ বৃদ্ধি কৰা হৈছে।