NORTHEAST NOW (Assamese)
অসম

খাদ্য আৰু চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰত থকা বন্যাৰ্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2019 10:26 am

বানে ঘৰ-বাৰী বুৰাই পেলোৱাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱতী দিয়াৰা হাইস্কুলত আশ্ৰয় লৈ থকা এগৰাকী বানপীড়িত লোকৰ মঙলবাৰে খাদ্য আৰু চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি লোৱা এক কৰুণ ঘটনা সংঘটিত হয়।

নিহত লোকজনক জিলাখনৰ পাথুৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দিয়াৰা বেপাৰীপাৰা গাঁৱৰ ছিৰাজুল বেপাৰী (৫৮) বুলি চিনাক্ত কৰা হৈছে। যোৱা ১৫ দিন ধৰি তোওঁ দিয়াৰা হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰি আছিল।

প্ৰাপ্ত তথ্য মতে কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ অনাহাৰে থাকি চিকিৎসাৰ অভাৱত আৰ্থিক অনাটনত ভুগি থকা বৃদ্ধগৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে নিজাববীয়াকৈ বিগত ১৫ দিনে বিদ্যালয়খনত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ প্ৰতি জিলা প্ৰশাসনে বান-সাহায্য, বিশুদ্ধ খোৱাপানী, শৌচালয় আৰু চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলতে খাদ্য আৰু চিকিৎসাৰ লোকজনৰ মৃত্যু হ’ল বুলি একাংশই ক্ষোভ প্ৰকাশ কৰিছে।