NORTHEAST NOW (Assamese)
অসম

ৰোগীৰ মৃত্যুক লৈ মাজৰাতি উত্তপ্ত গুৱাহাটীৰ এম এম চি হস্পিটেল

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 25, 2019 8:35 pm
Patient death in MMCH, Guwahati

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত।

গকুল চাচনী নামৰ এগৰাকী বৃদ্ধৰ ভুল চিকিৎসা কৰাৰ অভিযোগত নিশা সংগটিত হয় এই ঘটনা।

খালীল চাহানী নামৰ কনিষ্ঠ চিকিৎসকজনৰ বিৰুদ্ধে অনা হৈছে এই অভিযোগ।

সমগ্র ঘটনা সন্দৰ্ভত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ সহকাৰী অধীক্ষক কে কে ডেকাই জনোৱামতে, নিশা প্ৰায় ৯.৩০ মান বজাত মোলৈ এটা ফোন আহে আৰু ফোন কলৰ ভিত্তিত মই জানিব পাৰো চিকিৎসালয়ত এগৰাকী বৃদ্ধৰ মৃত্যুক  লৈ  নিশা  উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

সহ অধীক্ষকগৰাকী ততাতৈয়াকৈ চিকিৎসালয়লৈ আহি পৰিস্হিতি অধিক উত্তপ্ত হোৱা দেখি পুলিচক খবৰ দিয়ে। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰাত শেষত চি আৰ পি এফ মোতায়েন কৰাতহে পৰিস্হিতি শাম কাটে।

লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

আনহাতে, সমগ্র ঘটনা সন্দৰ্ভত চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসকৰ অধীক্ষক লীনা নাথে কয়, ৰোগীগৰাকী প্ৰায় ৬.৩০ বজাত ইয়াত ভৰ্তি হয়। চিকিৎসকে জনোৱামতে, ৰোগীগৰাকীৰ বিশেষ একো সমস্যা দেখা নগৈছিল। সেয়েহে তেওঁক যাবলৈয়ো কোৱা হৈছিল। কিন্তু পিছত ৰোগীগৰাকীৰ আকস্মিকভাৱে মৃত্যু হয়।

ঘটনাটোক লৈ পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অধীক্ষক হেমেন পাঠকে জনায়, “ঘটনাটো সংঘটিত হয় ৰাতিৰ ভাগত। যেতিয়া চিকিৎসকে ৰোগীগৰাকীক সুস্থ বুলি ঘোষণা কৰি তেওঁলোকক যাবলৈ দিয়ে আৰু চিকিৎসালয়ৰ গে’টৰ সন্মুখত ৰোগীগৰাকীৰ মৃত্যু হয়। ৰোগীগৰাকীৰ গে’টৰ সন্মুখত মৃত্যু হোৱা ঘটনাটো সাধাৰণ লোকে সহজভাৱে ল’ব নোৱাৰি ইয়াক প্ৰতিবাদ কৰে। পিছত আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত তেওঁলোকক আঁতৰাই পঠোৱা হয়। পিছত গম পোৱা যায় ৰোগীগৰাকীৰ সহধৰ্মিণীৰ বাদে কোনো আত্মীয় নাই আৰু তেওঁলোক মঙলদৈৰ পৰা চিকিৎসাৰ বাবে আহিছিল। ৰোগীৰ আত্মীয়ৰ ফালৰ পৰা কোনোধৰণৰ গোচৰ দিয়া হোৱা নাই। পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহতো জি এম চি এইচলৈ অনা হয় আৰু শেষত তেওঁলোকৰ হাতত চমজাই দিয়া হয়। আমি নিজাকৈ এই বিষয়ত তদন্ত কৰিছোঁ।”