NORTHEAST NOW (Assamese)
অসম

কাৰ্গিল বিজয় দিৱস উপলক্ষে বীৰ জোৱানসকললৈ আই টি বি পিৰ শ্ৰদ্ধাঞ্জলি

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 25, 2019 10:38 pm
9c22b939-11bc-4513-967a-a9a15f5eb946

কাৰ্গিল বিজয় দিৱস উপলক্ষে বৃহস্পতিবাৰে আই টি বি পিৰ গুৱাহাটীৰ ক্ৰীড়াগ্ৰামস্থিত ৩৩নং বেটেলিয়নৰ জোৱানসকলে কাৰ্গিল যুদ্ধৰ বীৰ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

এই উপলক্ষে ক্ৰীড়াগ্ৰামৰ শিশুসকলৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ লগতে দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত এছ এছ বিৰ জোৱানসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আই টি বি পিৰ কমাণ্ডেণ্ট আৰ এছ চাণ্ডিলকে ধৰি সমূহ জ্যেষ্ঠ বিষয়াৰ লগতে ক্ৰীড়াগ্ৰামৰ আৱাসীসকলে কাৰ্গিল বিজয় দিৱস উদযাপনৰ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ৫২৭ জোৱানলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই বিজয় সম্ভৱ কৰি তোলা সমূহ জোৱানৰ বীৰত্বৰ কথা কৃতজ্ঞতাৰে সোঁৱৰে।

সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্গিল যুদ্ধৰ বিষয়ে আই টি বি পিৰ তৰফৰ পৰা এক অবলোকন আগবঢ়োৱা হয়।

উল্লেখযোগ্য যে ১৯৯৯ চনৰ ২৬ জুলাইত এই বিজয় সাৱ্যস্ত কৰা হৈছিল।