NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ উত্তৰাখণ্ড চৰকাৰৰ ৫ কোটি টকাৰ বৰঙনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2019 5:05 pm
Uttarakhand CM

অসমৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে উত্তৰাখণ্ড চৰকাৰে মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ পাঁচ কোটি টকা বৰঙনি হিচাপে আগবঢ়াইছে।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত চৰকাৰী খবৰ অনুসৰি উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে শুকুৰবাৰে ফোন যোগে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বৰ্তমান বান পৰিস্থিতিৰ বিষয়ে কথা পাতে।

ৰাৱাটে অসমৰ বানআক্ৰান্ত জনতাৰ প্ৰতি দুখ ব্যক্ত কৰাৰ লগতে অসম চৰকাৰৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ প্ৰশংসা কৰে।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে, মুখ্য মন্ত্ৰী ৰাৱাটে অসম চৰকাৰক অসমৰ বানপীড়িত জনসাধাৰণৰ ক্ষয়-ক্ষতিৰ পৰিমান কম কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে পাৰ্য্যমানে সহায় কৰি যাব বুলি আশ্বাস দিয়ে।

আনহাতে, ৰাৱাটে মুখ্য মন্ত্ৰী সোণোৱালক উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ ৫ কোটি টকা বৰঙণি হিচাপে আগবঢ়োৱাৰ কথা উল্লেখ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটক এই সহায়ৰ বাবে অসমৰ জনতাৰ হৈ ধন্যবাদ জ্ঞাপন কৰে।