NORTHEAST NOW (Assamese)
অসম

জুবিনৰ বিৰুদ্ধে গোচৰ; এজাহাৰকাৰীৰ মতে, জুবিনৰ মন্তব্য “ৰাষ্ট্ৰদ্ৰোহ”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2019 8:50 pm
Zubeen Garg

২৬ জুলাইত গুৱাহাটীত এটা সংস্কৃতিক কাৰ্য্যসূচীত ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিকৰ মন্তব্য কৰা শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা চাৰি আলি আৰক্ষী থানাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ কেইজনমান লোকে এজাহাৰ দাখিল কৰিছে।

বহুতো ভুলেৰে ভৰা, অসমীয়াতে লিখা এজাহাৰখনত স্বাক্ষৰকাৰীসকলৰ মাজৰ এজনৰ নাম গিৰীন গোস্বামী।

“ব্ৰাহ্মণ সম্প্ৰদায়ক মাৰিবলৈ উচটনি যোগোৱা মন্তব্যই সম্প্ৰদায়টোৰ প্ৰতি ভাবুকি অনা আৰু সমাজত ব্ৰাহ্মণ সম্প্ৰদায়টোক হেয় কৰা”  বুলি এজাহাৰখনত উল্লেখ কৰা হৈছে।

“ইয়াৰ আগতেও কেইবাবাৰো ব্ৰাহ্মণ সম্প্ৰদায় তথা সনাতন ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰা দেখা গৈছে”, এজাহাৰখনত কোৱা হয়।

FIR Against Zubeen
বাইহাটা চাৰি আলিৰ আৰক্ষী থানাত জুবিনৰ বিৰুদ্ধে দিয়া এজাহাৰখনৰ প্ৰতিলিপি।

এজাহাৰকাৰীয়ে হিন্দীক ৰাষ্ট্ৰভাষা (যিটো সত্য নহয়) বুলি দাবী কৰি শিল্পীজনে একেটা সাংস্কৃতিক অনুষ্ঠানতে ৰাষ্ট্ৰভাষা (?)ক “ঢেকেৰী ভাষা” আখ্যা দি ৰাষ্ট্ৰদ্ৰোহৰ দৰে মন্তব্য কৰা বুলি দাবী কৰিছে।

এজাহাৰখনৰ ভিত্তিত গোচৰ ৰুজু হৈছে নে নাই জানিবলৈ বাইহাটা চাৰি আলিৰ আৰক্ষীক যোগাযোগ কৰি পোৱা নগ’ল।

লগতে পঢ়ক জুবিনৰ সাম্প্ৰদায়িক মন্তব্যত চাৰিওফালে বিৰূপ প্ৰতিক্ৰিয়া; গোচৰৰ ভাবুকি

আনহাতে গিৰীন গোস্বামীয়ে এজাহাৰ দিয়াৰ কথা জনাই নিজৰ ফেইচবুক টাইমলাইনত এটা পোষ্ট দিয়ে। পোষ্টটোত বিভিন্নজনে গোস্বামীক সমৰ্থন কৰাৰ বিপৰীতে বহুতে জুবিনৰ বিৰুদ্ধে এজাহাৰ দিয়াক উভতি ধৰা দেখা গৈছে।

তেওঁলোকে অলপতে পোহৰলৈ অহা, এগৰাকী বনকৰা যুৱতীক ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰা ঘটনাটোৰ প্ৰসংগ টানি, এই ধৰ্ষণকাৰী কমলাবাৰী সত্ৰৰ ‘ডেকা সত্ৰাধিকাৰ’ৰ বিৰুদ্ধে গোচৰ দিছিল নাই বুলি প্ৰশ্ন কৰিছে গোস্বামীক।

উল্লেখ কৰিব পাৰি, পূৰ্বেও জুবিনৰ বিৰুদ্ধে একাধিক গোচৰ দিছে বিভিন্ন সময়ত বিভিন্ন পক্ষই। যোৱা বছৰ নলবাৰীত হিন্দু জাগৰণ মঞ্চ নামৰ এটা হিন্দুত্ববাদী সংগঠনেও জুবিনৰ বিৰুদ্ধে গোচৰ দিছিল।