NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ৪৫ কেজি গাঞ্জাৰ সৈতে ৰেইলৱে আৰক্ষীৰ জালত দুই ভাতৃ-ভগ্নী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 29, 2019 12:17 pm
৪৫ কেজি গাঞ্জাৰ সৈতে ফটো

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। ৰেইলৱে আৰক্ষীয়ে আজি পুৱা অভিযান চলাই ৪৫ কেজি গাঞ্জাসহ দুগৰাকী লোকক আটক কৰে।

ৰেইলৱে আৰক্ষীৰ হাতত আটক হোৱা লোক দুগৰাকীৰ এগৰাকী পুৰুষ আৰু আনগৰাকী হৈছে মহিলা। ধৃত পুৰুষ-মহিলা দুগৰাকীক ক্ৰমে ৱাবোৰ খাৰপুৰী চিনৰেম(পুৰুষ ২৮ বছৰ) আৰু দড়িশা চিনৰেম(মহিলা ৩২) বুলি চিনাক্ত কৰা হৈছে।

ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি দুয়ো গৰাকী সম্পৰ্কত ভাতৃ-ভগ্নী। তেওঁলোকৰ ঘৰ মেঘালয়ৰ পূব খাচী পাহাৰৰ লুম্মেওবাহত। তেওঁলোকৰ পিতৃৰনাম হৈছে দ্ৰৱেল চিনৰেম।

আজি পুৱা ৭ বজাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই দুয়োগৰাকীকে ১২৪২৩ নম্বৰৰ গুৱাহাটীৰ পৰা দিল্লী যাবলগীয়া ৰাজধানী এক্সপ্ৰেছৰ পৰা আটক কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা গাঞ্জাখিনি জব্দ কৰে।

ৰেইলৱে আৰক্ষীয়ে গাঞ্জা খিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি জানিব দিয়ে। তেওঁলোকে গাঞ্জাখিনি মেঘালয়ৰ পৰা গুৱাহাটী ৰেইলৱে ষ্টেশ্যনলৈকে টেক্সিৰে লৈ আনিছিল।