NORTHEAST NOW (Assamese)
অসম

লখিমপুৰৰ বানাক্রান্ত বিদালয়সমূহত পৰিচ্ছন্নতা অভিযান আৰক্ষী-সশস্ত্ৰ বাহিনীৰ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ July 29, 2019 1:50 pm
lakhimpur-cleanliness-1140x570

সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি লখিমপুৰ আৰক্ষীয়ে দেওবাৰে জিলাখনৰ বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহত এক পৰিচ্ছন্নতা তথা পুনৰুদ্ধাৰ অভিযান চলায়।

লখিমপুৰ আৰক্ষীৰ বিষয়াসকলৰ সৈতে অভিযানত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিচ (আইটিবিপি) সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানসকলেও যোগদান কৰে।

গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ আগেয়ে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয় পুনৰুদ্ধাৰৰ লক্ষ্যৰে  জিলাখনৰ চাৰিখন বেলেগ বেলেগ বিদ্যালয়ত এই পৰিচ্ছন্নতা তথা মেৰামতিৰ অভিযান চলোৱা হয়।

লখিমপুৰ আৰক্ষীৰ লগতে চিআইএছএফ, আইটিবিপি আৰু বিএছএফৰ বিষয়া-জোৱানসকলে উত্তৰ লখিমপুৰৰ পহুমাৰা হাইস্কুল, বিহপুৰীয়াৰ ধূনাগুৰি খনিকৰ এল পি স্কুল আৰু ধূনাগুৰি মিছিং এল পি স্কুল আৰু ঢকুৱাখনাৰ ন-কপহুৱাৰ পশ্চিম মাছখোৱা এম ই স্কুলত পৰিচ্ছন্নতা অভিযান চলায়।

লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্ত, মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনাই  লখিমপুৰ আৰক্ষীৰ বিষয়াসকল আৰু নিকটৱৰ্তী আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ বিষয়াসকলৰ সৈতে অভিযানটোৰ নেতৃত্ব দিয়ে।

বিদ্যালয়ৰ চৌহদৰ পৰা বানপানীত উটি অহা বনৰীয়া গছ-লতা আৰু বোকা পৰিস্কাৰ কৰাৰ উপৰি অভিযানত শ্ৰেণীকোঠাসমূহো পৰিস্কাৰ কৰা হয় আৰু বিদ্যালয়লৈ বানৰ পানী সোমোৱাত বাধা দিবলৈ বিদ্যালয়ৰ সীমাত বালিৰ বেগেৰে সুৰক্ষা দেৱালো নিৰ্মাণ কৰে।