NORTHEAST NOW (Assamese)
অসম

শ্বিলঙৰ বাস্তৱ জীৱনৰ কাহিনীৰে প্ৰকাশ পাব ‘পীপুল কলড্ শ্বিলং’ নামৰ গ্ৰন্থ

Posted by: এন ই নাও নিউজ January 28, 2018 12:38 pm
people-called-shillong-678x381

শ্বিলঙৰ বাস্তৱ জীৱনৰ কাহিনীৰে ‘পীপুল কলড্ শ্বিলং’ শিৰোণামাৰে এখন চুটিগল্প সংকলণ প্ৰকাশৰ বাবে সাজু হৈ উঠিছে।

‘পীপুল প্লেচ প্ৰজেক্ট’ নামৰ সংস্থাটোৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে জনসাধাৰণৰ পৰা কাহিনী সংগ্ৰহ কৰিবলৈ বিভিন্ন ধৰণে প্ৰচাৰ চলাইছে আৰু চহৰখনৰ সামগ্ৰিক বৰ্ণনাৰ পৰা পাঠোদ্ধাৰ কৰি কাহিনীসমূহ ৰচনা কৰা হৈছে।

ইয়াত এগৰাকী ব্যক্তিৰ দৃষ্টিৰে এখন ঠাই পৰ্যবেক্ষণ কৰি তেওঁলোকে কোৱা কাহিনীবোৰ লিখি উলিওৱা হৈছে।

গ্ৰন্থখনৰ কিছু অংশৰ পাঠৰ অনুষ্ঠান এটা অহা ৩১ জানুৱাৰীত শ্বিলঙৰ ডিলন’ছ কাফেত সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ অনুষ্ঠিত হ’ব।

অনাবিল পাহাৰীয়া চহৰখনৰ কাহিনীৰ এক সংকলন এই গ্ৰন্থখনে চহৰখনৰ অন্তৰ আৰু আত্মাক ধৰি ৰখাৰ প্ৰয়াস কৰিছে। ইয়াত চহৰখনৰ বৰ্ণময় বৈচিত্ৰ্য আৰু পৰম্পৰাগত চিত্ৰকল্পৰ বাহিৰেও ভৌগলিক চৰিত্ৰৰ নান্দনিকতাত অৱগাহন কৰা হৈছে।

এলেথিয়া অ’নীল ক্যান্তা. অৰ্জুন চাকি, আছুইন উইন্টাৰ জাপাং, ইউডোৰা খঙলাহ, জাগৃতি ঝুনঝুনৱালা, মে’বৰ্ণ লিংডো, প্ৰেম ছৰিত আচাৰ্য, নিশিগন্ধা কেৰুৰ, প্ৰিয়ংকা ছিম্পি, ৰাজীৱ লালু, শ্ৰিতি দাস, শ্বেতা ৰাজ কানৱাৰ, শ্ৰীৰাম নটৰাজন, সুচিতা মুন্ধ্ৰা আৰু ভেনকউভাৰ ছুল্লাইৰ দৰে মেঘালয়ৰ বহু লেখকে শ্বিলঙৰ ভিন্নৰঙী দিশৰ চিত্ৰণ অংকিত কৰিছে।

গ্ৰন্থখনে সৰু চহৰখনৰ পুৰণি লোক জীৱনৰ পৰা আৰম্ভ কৰি আধুনিক সময়ৰ জটিল দৈনন্দিন জীৱনলৈকে বহুবৰ্ণী কাহিনী সন্নিৱিষ্ট কৰিছে।

‘পীপুল কলড্ শ্বিলং’ হৈছে এই ধাৰাবাহিকৰ তৃতীয়খন সংকলন। ইয়াৰ আগেয়ে মুম্বাই আৰু আহমেদাবাদৰ সংকলন দুখন প্ৰকাশ পাইছিল।