NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত ৰাজ্যৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবী জনালে কংগ্ৰেছ সাংসদ ৰিপুন বৰাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2019 6:56 pm
ripunjpg

বুধবাৰে ৰাজ্যসভাৰ শূন্যকালত অসমৰ কংগ্ৰেছ সাংসদ ৰিপুন বৰাই ৰাজ্যৰ বন্ধ হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ অধীনৰ কাগজ কল দুটাৰ প্ৰসংগ উত্থাপন কৰে।

জাগীৰোড আৰু পাঞ্চগ্ৰাম কাগজ কল দুটা বিগত চাৰিটা দশক ধৰি সফলতাৰে লাভজনকভাৱে চলি আছিল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ভুল পৰিচালনাৰ ফলশ্ৰুতিত কাগজ কল দুটা ২০১৪ চনৰ পৰা বন্ধ হৈ আছে বুলি ৰাজ্যসভাত বৰাই উল্লেখ কৰে।

কাগজ কল দুটাৰ প্ৰসংগ উত্থাপন কৰি সাংসদ গৰাকীয়ে কল দুটাত প্ৰত্যক্ষভাৱে ৮,০০০ গৰাকী আৰু পৰোক্ষভাৱে ২০,০০০ গৰাকী কৰ্মী জড়িত হৈ আছিল বুলি কয়।

আনহাতে, কাগজ কল দুটা বন্ধ হৈ যোৱাৰ ফলত তাত কৰ্মৰত কৰ্মীসকলৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে বুলি উল্লেখ কৰাৰ লগতে আঠগৰাকী কৰ্মীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’বলগীয়া হৈছে বুলি ৰিপুন বৰাই মন্তব্য কৰে।

তদুপৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাভাৱে কাগজকল দুটা মুকলি কৰাৰ ক্ষেত্ৰত বিশেষ পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ পাছতো এতিয়ালৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বৰাই কয়।

উল্লেখযোগ্য যে, লোকসভাত উদ্যোগ মন্ত্ৰীগৰাকীয়ে ২০১৫ চনৰ পৰা চাৰিটা বৰ্ষত কাগজ কল দুটালৈ ৪,১৪১ কোটি টকা আগবঢ়োৱা হৈছে বুলি কোৱা প্ৰসংগ উত্থাপন কৰি বৰাই যদি ইমান বৃহৎ সংখ্যক ধন আগবঢ়াইছিল তেনেহ’লে ধনৰ বিতৰণৰ ক্ষেত্ৰত চি বি আই তদন্ত দাবী কৰে।

বৰাই নিজৰ বক্তব্যৰ অন্তত শীঘ্ৰে কাগজ কল দুটা পুনৰ মুকলি কৰাৰ বাবে দাবী জনায়।