NORTHEAST NOW (Assamese)
অসম

মিছামাৰীৰ বায়ু সেনা ষ্টেইশ্যনৰ দায়িত্বত গ্ৰুপ কেপ্টেইন আৰ কে মিশ্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2019 3:44 pm
Assam: R K Misra took over charge of Missamari Air Force Station

গ্ৰুপ কেপ্টেইন আৰ কে মিশ্ৰই অসমৰ মিছামাৰীস্থিত বায়ু সেনা আস্থানৰ দায়িত্ব গ্ৰহণ কৰিছে।

গ্ৰুপ কেপ্টেইন এচ কে পিল্লাইৰ পৰা শেহতীয়াকৈ গ্ৰুঃ কেঃ মিশ্ৰই শোণিতপুৰ জিলাত থকা বায়ু সেনা আস্থানটোৰ দায়িত্ব গ্ৰহণ কৰিছে।

গ্ৰুপ কেপ্টেইন আৰ কে মিশ্ৰ বেংগালুৰুৰ এয়াৰ ফ’ৰ্চ টেকনিকেল কলেজৰ শিক্ষাৰ্থী।

ভাৰতীয় বায়ু সেনাৰ কাৰিকৰী শাখাত তেওঁক ১৯৯৬ চনৰ ২৭ মে’ত নিযুক্তি দিয়া হৈছিল।

বিষয়াজনে ইয়াৰ পূৰ্বে চাৰিটা কমিউনিকেইশ্যন আৰু আই টি ইউনিটৰ নেতৃত্ব দিছিল।

তেওঁ ফ্ৰণ্টলাইন ফাইটাৰ স্কুৱাড্ৰন এটাত জ্যেষ্ঠ কাৰিকৰী বিষয়া হিচাপে কাম কৰিছিল আৰু বেংগালুৰুৰ ইনষ্টিটিউট অৱ এয়াৰৌস্পেইচ মেডিচিনত ইছৰৌ (ISRO)ৰ মানৱ মহাকাশ অভিযান প্ৰকল্পৰ সৈতে জৰিত আছিল।

বিষয়াজনে ৰায়পুৰৰ ৰৱিশংকৰ ইউনিভাৰ্ছিটিৰ পৰা অভিযান্ত্ৰিকৰ স্নাতক, পুনেৰ DIATৰ পৰা এম টেক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ মেনিজমেণ্ট ষ্টাডিজৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছিল।