NORTHEAST NOW (Assamese)
Popular Stories

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2025 9:30 pm
গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

জলমগ্ন সমগ্ৰ ৰাজ্য। বাঢ়নী পানীৰে উপচি পৰিছে ৰাজ্যৰ বিভিন্নপ্ৰান্ত। তাৰ মাজতে গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা।

পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ সলিলসমাধি। পথাৰৰ মাজত খান্দি থোৱা পুখুৰীত পৰি ৩ কণমানিয়ে মৃত্যুক আঁকোৱালি লয়।

সলিলসমাধি ঘটে সবিতা বেগম, ছাৰজিনা বেগম আৰু আজমিনা বেগমৰ।

মৃত সবিতা আৰু আজমিনাৰ বয়স ১২ বছৰ আৰু ছাৰজিনা বেগমৰ বয়স আছিল ৭ বছৰ বুলি জানিব পৰা গৈছে।

মাছ ধৰিবলৈ যোৱাৰ সময়তে পৰি যায় পথাৰৰ মাজত খান্দি থোৱা পুখুৰীটোত। ৰাইজে উদ্ধাৰ কৰে তিনি কণমানিৰ নিথৰদেহ।