NORTHEAST NOW (Assamese)
Popular Stories

শ্বেতা আগৰৱালাৰ হত্যাকাৰী গোবিন্দ সিংহালক ফাঁচিৰ ৰায় আদালতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 1:30 pm

গুৱাহাটীৰ চাঞ্চল্যকৰ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালক আজি ফাঁচিৰ ৰায়দান দিয়ে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।

লগতে জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গোবিন্দৰ মাক কমলা দেৱী (৪৮) আৰু বায়েক ভৱানী সিংহাল (২৩)ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক বন্ধু গোবিন্দ সিংহালে সিংহালৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল।

গোবিন্দৰ ঘৰৰ বাথৰুমত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক এই হত্যাকাণ্ডত সহায় কৰা মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংহালৰ নামো সন্নিৱিষ্ট কৰিছিল।

কলেজৰ পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ গৈছিল শ্বেতা আগৰৱালা।

মেধাৱী ছাত্ৰীগৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত থকাটো আৰক্ষীয়ে নিশ্চিত কৰিছিল।