NORTHEAST NOW (Assamese)
Popular Stories

৪৮ ঘণ্টাৰ ভিতৰত ৩ জনকৈ জেহাদীক আটক বৰপেটা আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2019 1:02 pm

৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে ৩ জনকৈ জেহাদী আটক কৰিবলৈ সক্ষম হৈছে।

কালি অৰ্থাৎ ৩ আগষ্টত বৰপেটাৰ পৰা আৰক্ষীয়ে এজন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি পুনৰ দুজনক জেহাদীৰ সন্দেহত নলবাৰী আৰু হাউলীৰ পৰা আটক কৰিছে।

জেহাদীৰ সন্দেহত আটক কৰা দুজনৰ এজনক ছফিকুল ইছলাম আৰু আনজনক ডানেছ বুলি চিনাক্ত কৰা হৈছে।

ধৃত ছফিকুলৰ নলবাৰীৰ কাপলবাড়ীৰ ভেবলা বড়ো চ’কত এখন নাৰ্ছাৰী আছে। এই নাৰ্ছাৰী খনত থকা এটা ঘৰৰ পৰাই বৰপেটা আৰক্ষীয়ে ছফিকুলক আটক কৰে।

আনহাতে আনজন ডানেছক হাউলীৰ পৰা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে যদিও বাতৰি লিখা পৰলৈকে সবিশেষ জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে কালিও বৰপেটা আৰক্ষীয়ে সৰুক্ষেত্ৰীৰ চতলা গাঁৱৰ পৰা মুস্তাফিজুৰ ৰহমান নামৰ এটা জেহাদীক গ্ৰেপ্তাৰ কৰিছিল।