NORTHEAST NOW (Assamese)
অসম

এন আৰ চি পুনৰীক্ষণৰ বিৰুদ্ধে মহানগৰীত চি পি আই এমৰ প্ৰতিবাদ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 6, 2019 6:44 pm
WhatsApp Image 2019-08-06 at 5.43.18 PM

এন আৰ চিৰ পুনৰীক্ষণৰ বিৰুদ্ধে বাওঁ গণতান্ত্ৰিক মৰ্চা অসম ৰাজ্যিক সমিতিৰ সদস্য সকলে আজি ভঙাগড়স্থিত এন আৰ চি কাৰ্য্যালায়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু একাংশ দৰিদ্ৰ পৰিয়ালক অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে।

বিগত দুদিনৰ পৰা এন আৰ চি কৰ্তৃপক্ষই নামনি অসমৰ একাংশ দৰিদ্ৰ লোকক পুনৰীক্ষণ শুনানিৰ বাবে জাননী জাৰি কৰি ১২ ঘণ্টাৰ ভিতৰত পুনৰীক্ষণৰ বাবে শিৱসাগৰ, যোৰহাট, গোলঘাট আদি জিলাসমূহলৈ যাবলৈ কোৱা হৈছে যিটো এক প্ৰকাৰ অমানৱীয় বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে এন আৰ চি পুনৰীক্ষণ আৰু ইয়াৰ নামত সংখ্যালঘুৰ ওপৰত হৈ থকা অত্যাচাৰ বন্ধ হ’ব লাগে বুলিও দাবী জনায়।

এন আৰ চি পুনৰীক্ষণৰ প্ৰসংগত চি পি আই এমৰ নেতা সুপ্ৰকাশ তালুকদাৰে কয় অসমত এতিয়া এন আৰ চি পুনৰীক্ষণৰ কোনো প্ৰয়োজন নায়।

ইতিমধ্যে এন আৰ চিৰ খচৰাত যিসকল লোকৰ নাম আছে সেই সকলৰ বহুবাৰ শুনানি লোৱা হৈছে, নথি পত্ৰ পৰীক্ষা কৰা হৈছে গতিকে তেওঁলোকৰ আৰু শুনানিৰ কোনো প্ৰয়োজন নাই বুলি তালুকদাৰে কয়।

আনহাতে, উচ্চতম ন্যায়ালয়ে এন আৰ চি পুনৰীক্ষণৰ কোনোধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই ন্যায়ালয়ৰ নিৰ্দেশ পালন নকৰি ২৪ ঘণ্টাৰ ভিতৰত উজনি অসমৰ লোকক নামনিলৈ আৰু নামনি অসমৰ লোকক উজনিলৈ শুনানিৰ বাবে যাবলৈ নিৰ্দেশ দি অত্যাচাৰ কৰিছে বুলি তালুকদাৰে কয়।

ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।