NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰক লৈ সিদ্ধান্ত স্বৈৰাচাৰী, গণতন্ত্ৰৰ পৰিপন্থী আৰু ঐতিহাসিক ভুল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 6, 2019 5:39 pm
Tarun Gogoi press conference Kashmir issue: Former Assam CM Gogoi says, Centre's decision "autocratic, anti-democracy and historical blunder''

‘কালি অমিত শ্বাহে কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ কৰ্তন কৰিলে আৰু ৰাজ্যখন দুভাগত বিভক্ত কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিলে। সেইটোক বিজেপিৰ নেতাসকলে ঐতিহাসিক সিদ্ধান্ত বুলি ক’ব বিচাৰিছে যদিও মই কওঁ এইটো এটা ঐতিহাসিক ভুল। এইটো গণতন্ত্ৰৰ পৰিপন্থী আৰু স্বৈৰাচাৰী।‘ মঙলবাৰে দিচপুৰস্থিত মিনিষ্টাৰ্চ কলনিত সম্বোধন কৰা এক সংবাদমেলত এই মত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

গগৈৰ মতে, এই সিদ্ধান্তৰ জৰিয়তে বিজেপি চৰকাৰে কাশ্মীৰৰ সমস্যা সমাধান কৰিব বিচাৰিছে যদিও এই সিদ্ধান্তৰ পাছত সমস্যা সমাধান অতি কঠিনহে হ’ব।

কিছু দিন পাছতেই ইয়াৰ প্ৰকৃত ছবিখন পৰিস্ফূট হ’ব বুলিও সংবাদমেলত কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘কাশ্মীৰৰ মূল সমস্যাটো সমাধান নকৰি ৰাইজৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে চৰকাৰখনে এই কাম কৰিছে। মূল সমস্যা সমাধানত কৃতকাৰ্য্য হোৱা নাই বুলি এইটোৱেই প্ৰমাণ কৰিছে।‘, গগৈয়ে এইদৰে কয়।

ইপিনে, কাশ্মীৰৰ সমস্যা সমাধান হোৱাটো সকলোৱে বিচাৰে বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় ‘কোনো সমস্যাই আৰক্ষী বা সেনা বাহিনীৰ দ্বাৰাই সমাধান নহয়। আজি কি সৃষ্টি হৈছে? ৩০ হাজাৰতকৈ অধিক সেনা-বাহিনী পঠিয়াইছে। প্ৰাক্তন মুখ্য মন্ত্ৰীসকলক গৃহবন্দী কৰিছে। এইবিলাকে কাশ্মীৰত কি অৱস্থাৰ সৃষ্টি কৰিছে?’

তদুপৰি, ‘জৰুৰীকালীন অৱস্থাৰ বাবে বিজেপিয়ে ইন্দিৰা গান্ধীক দোষাৰোপ কৰে’ এইদৰে উল্লেখ কৰি গগৈৰ প্ৰশ্ন ‘আজি কাশ্মীৰৰ নেতাসকলৰ কি অৱস্থা হৈছে?’

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ নেতাসকলক বিশ্বাসত লোৱাৰ পৰিৱৰ্তে বা তেওঁলোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পৰিৱৰ্তে জেইলত থৈ সামৰিক শক্তিৰ দ্বাৰা শাসন কৰিব বিচাৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয় ‘এইক্ষেত্ৰত বিজেপি চৰকাৰ কৃতকাৰ্য্য হোৱাৰ আশা ক্ষীণ দেখিছো।‘

আনহাতে, কালি এই সিদ্ধান্তৰ পাছত উত্তৰ-পূববাসীৰ মাজত সন্দেহৰ অৱতাৰণা হোৱা বুলিও গগৈয়ে সংবাদমেলত কয়।

‘উত্তৰ-পূবৰ ৰাজ্যসমূহতো এক সন্দেহৰ সৃষ্টি হৈছে। উত্তৰ-পূবৰ কাৰণে ই এক অশুভ সংকেত। এতিয়া আমাৰ ইয়াত ষষ্ঠ অনুসূচী আছে, বেলেগ ৰাজ্যত নাই। কাইলৈ যদি কেন্দ্ৰীয় চৰকাৰে সেইটোও উঠাই দিয়ে তেন্তে কি হ’ব?’, গগৈয়ে এইদৰে কয়।

গগৈয়ে লগতে কয় ‘আমি ভাৰতীয় নাগৰিক হ’লেও মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰত মাটি কিনিব নোৱাৰো, এতিয়া তেওঁলোকে জম্মু-কাশ্মীৰত বেলেগ ৰাজ্যৰ লোকে মাটি কিনিব পাৰিব বুলি ক’লে। ইয়াতো যে নহ’ব তাৰ কি মানে আছে?’