NORTHEAST NOW (Assamese)
অসম

লাডাখক পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাকলৈ চীনৰ আপত্তি; ক’লে লাডাখ আমাৰহে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2019 8:24 pm
China reaction

ভাৰতে জম্মু-কাশ্মীৰ পুনৰ গঠন বিধেয়কত উল্লেখ কৰা অনুসৰি লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল (বিধানসভা অবিহনে) হিচাপে ঘোষণা কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰতিবেশী দেশ চীনে।

বেংইজিং মহলে মঙলবাৰে জম্মু আৰু কাশ্মীৰৰ উত্তেজনাময় পৰিবেশৰ সন্দৰ্ভত ভাৰতে একপক্ষীয় সিদ্ধান্ত লোৱা উচিত নহয় বুলি মন্তব্য কৰে।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে জম্মু আৰু কাশ্মীৰত লাঘু হৈ থকা ৩৭০ নং অনুচ্ছেদ বাতিল কৰি লাডাখক সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছতে চীনে এনেদৰে শক্তিশালী প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

চীনৰ বিদেশ মন্ত্ৰীৰ তৰফৰ পৰা মঙলবাৰে এই সন্দৰ্ভত দুটা বিজ্ঞপ্তি প্ৰকাশ কৰা হয়।

চীনে সদায়ে পশ্চিম প্ৰান্তৰ চীন-ভাৰত সীমান্তৰ চীনৰ ভূখণ্ড ভাৰতৰ প্ৰশাসনিক যন্ত্ৰৰ অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতা কৰি আহিছে। চীনৰ এই স্থিতি কেতিয়াও সলনি নহয় বুলি বিদেশ মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ পায়।

লাডাখক ভাৰতে সদায় নিজৰ বুলি উল্লেখ কৰি আহিলেও সেয়া বেইজিঙেহে নিয়ন্ত্ৰণ কৰে বুলিও চীনৰ বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰা দেখা যায়।

‘‘বিগত সময়ছোৱাত ভাৰতীয় পক্ষৰ তৰফৰ পৰা ঘৰুৱা আইনত সংশোধনৰ জৰিয়তে চীনৰ সাৰ্বভৌমত্তক হেয় প্ৰতিপন্ন কৰিব বিচৰা হৈছে যিটো কেতিয়াও গ্ৰহণ কৰা নহ’ব’’। চীনৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত এনেদৰে উল্লেখ কৰা হয়।

আনহাতে, চীনৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰতিক্ৰিয়াটোত ভাৰতক সীমা বিবাদক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত লোৱাৰ বাবে আহ্বান জনায় প্ৰতিবেশী ৰাষ্ট্ৰখনে যাতে ভবিষ্যতে সীমা বিবাদ আৰু জটিল হৈ নপৰে।