NORTHEAST NOW (Assamese)
অসম

ডাক বিভাগৰ চাকৰি: ১০০৬৬টা খালী পদ, ন্যূনতম যোগ্যতা মেট্ৰিক পাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2019 8:15 pm
India Post invites online application for recruitment of 10066 Gramin Dak Sevaks

সমগ্ৰ ভাৰতত খালী থকা ডাক বিভাগৰ ১০০৬৬টা পদৰ বাবে প্ৰতিষ্ঠানটোৱে আবেদন পত্ৰ আহ্বান কৰিছে।

পদসমূহ গ্ৰামীন ডাক সেৱকৰ।

অসমকে ধৰি বিহাৰ, পঞ্জাৱ, গুজৰাট, কেৰালা আৰু কৰ্নাটক চক্ৰত এই পদসমূহ খালী আছে।

কেৱল অসমত মুঠ ৯১৯টা পদ খালী আছে।

আবেদনৰ বাবে ইংৰাজী আৰু অংক বিষয়সহ ন্যূনতম মেট্ৰিক পাছ হ’ব লাগে।

তাৰোপৰি প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰ-ঘোষিত স্থানীয় ভাষা অন্তত দশম শ্ৰেণীলৈকে বাধ্যতামূলক বা ঐচ্ছিকভাৱে পঢ়া হ’ব লাগিব।

লগতে, প্ৰাৰ্থীসকলে অন্ততঃ ৬০ দিনীয়া এটা কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ প্ৰমাণৰূপে কোনো প্ৰতিষ্ঠানে দিয়া বে’চিক কম্পিউটাৰ ট্ৰেইনিং প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

চাইকেল চলাব জনাটো সকলো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক।

গাড়ী, মটৰ চাইকেল, স্কুটাৰ আদি চলাব জনাটোক চাইকেল চলাব জনা বুলি ধৰা হ’ব।

বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা আবেদন দাখিল পৰ্ব অহা ৪ ছেপ্তেম্বৰত সামৰণি পৰিব।

ইয়াত ক্লিক কৰি পোনপটীয়াকৈ আবেদন কৰিব পাৰে। লগতে জানিব পাৰে দৰমহা, আন সা-সুবিধা আৰু সবিশেষ।