NORTHEAST NOW (Assamese)
অসম

গোলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাত লগোৱা হ’ব চি চি টিভি কেমেৰা

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া August 7, 2019 9:41 pm

যিসময়ত চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত বহু বিদ্যালয়ৰ দুৱাৰ চিৰদিনলৈ বন্ধ কৰিবলগীয়া অৱস্থা হৈছে সেই সময়তে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শ্ৰেণীকোঠা চি চি কেমেৰাৰে পৰ্যবেক্ষণৰ ব্যৱস্থা কৰি বিদ্যালয়খন আভ্যন্তৰিণ দিশ সবল কৰাৰ প্ৰয়াস কৰা হৈছে।

অনাগত দিনত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা উধতন কতৃপক্ষই যাতে সকলো সময়তে বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহ নিৰীক্ষণ কৰাৰ সুযোগ পায় তাৰবাবে সকলো শ্ৰেণীকোঠাত কেমেৰা সংলগ্ন কৰা হৈছে বুলি জানিবলৈ দিছে।

তদুপৰি বিদ্যালয় চৌহদ আৰু ছাত্ৰ-ছাত্ৰীৰ নিৰীক্ষণ ব্যৱস্থাৰ উপৰিও স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চি চি টিভি কেমেৰাৰে শ্ৰেণীকোঠাসমূহ অনবৰতে পৰ্যবেক্ষণ হৈ থাকিব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে বিদ্যালয়খনত ইতিমধ্যে কেৰিয়াৰ কাউঞ্চেলিং আৰু ফাউণ্ডেশ্যন কৰ্ছৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ তথা কৌশল বিকাশ আৰু প্ৰায়োগিক শিক্ষাৰ ব্যৱস্থা হাতত লোৱা হৈছে।

লগতে হাতে-কামে শিকো আহা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে বুলি জানিব পৰা গৈছে।