অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত চাইকেল-ভ্ৰমণৰ শুভাৰম্ভ

অসম চৰকাৰৰ পৰ্য্যটন বিভাগে আজি অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত চাইকেল ভ্ৰমণৰ সূচনা কৰে। অসম পৰ্য্যটন বিকাশ নিগম লিমিটেডৰ সঞ্চালক নাং লাকী গগৈয়ে নিজৰ এটা টুইটত এই সম্পৰ্কত কয় যে চাইকেল-ভ্ৰমণত আনন্দ আৰু ৰোমাঞ্চ দুয়োটাই পোৱা যায়। অসম পৰ্য্যটনে চাইকেল ভ্ৰমণক উৎসাহ দিয়ে আৰু মাজুলীৰ দৰে ঠাইত গিয়েৰযুক্ত চাইকেলৰ বিতৰণ কৰিছে।