NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ইছলামধৰ্মী লোকসকলে কোভিড বিধি অৱলম্বন কৰি সম্পন্ন কৰিলে ঈদৰ নামাজ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 14, 2021 11:11 am
Eid Namaj in Teok

আজি পবিত্ৰ ঈদৰ দিনা টীয়কত সকলো ইছলাম ধৰ্মী লোকে সমূহীয়া নমাজৰ পৰিবৰ্তে পৰিয়ালৰ সদস্য সকলৰ মাজতে সীমাবদ্ধ কৰিলে নামাজ।

কোভিড প্ৰটকল ৰক্ষা কৰি আৰু চৰকাৰে জাৰি কৰা এছ অ’ পি পালন কৰি টীয়কৰ বাগান তিনি আলিৰ ইদ্ৰীছ আলিৰ ঘৰত পৰিয়ালৰ সদস্য সকলে অনুষ্ঠিত কৰিলে নামাজৰ।

কোভিডৰ সন্ত্ৰাস যাতে নি:শেষ হয়, সমাজৰ পৰা সকলো অসূয়া-অমংগল দূৰ হয়, সম্প্ৰীতিৰ এনাজৰীডাল যাতে দৃঢ় হয় আৰু নতুন মুখ্যমন্ত্ৰী গৰাকীয়ে যাতে অসমখনৰ সৰ্বাংগীন উন্নয়নৰ সাধন কৰিব পাৰে তাৰবাবে তেওঁলোকে দোৱা কৰে।

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো কোভিড-১৯ অতিমাৰীৰ প্ৰকোপ বৃদ্ধি পোৱালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক কোভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে।

ৰাজ্য চৰকাৰে অসমত যাতে কোভিডৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায় তাৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে আৰু বৃহস্পতিবাৰৰ পৰা ইয়াক প্ৰযোজ্য কৰা হৈছে।