NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 8, 2019 9:30 pm
20190808_201303

আজি বাস্তৱত পৰিণত হ’ল প্ৰতিজন অসমীয়াৰ সপোন। অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে আজি প্ৰদান কৰা হয় দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ বঁটা। সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকাক এই বঁটা প্ৰদান কৰে।

এই শুভ ক্ষণত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। ভূপেনদাৰ অতি মৰমৰ শিৱসাগৰতো বিৰাজ কৰিছে আনন্দময় পৰিবেশ।

সন্ধিয়া ৭ বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ সহযোগত চহৰৰ মাজমজিয়াস্থিত দ’লমুখ চাৰিআলিৰ জয়দেৱাল খেমকা মাতৃ সদনৰ সন্মুখত থকা ‘ভাৰত ৰত্ন’ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান।

অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে ভূপেনদাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত  উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিদিত দাস, গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰুণ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে বহু গণ্য মান্য ব্যক্তি।

সাংস্কৃতিক অনুষ্ঠানত শিৱসাগৰৰ অডিঅ’ চিটিৰ প্ৰায় ২০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভূপেন হাজৰিকাদেৱৰ গীত পৰিবেশন কৰে।

অনুষ্ঠানৰ শেষত উপস্থিত সকলো ৰাইজৰ সৈতে অডিঅ’ চিটিৰ ছাত্ৰ-ছাত্ৰী সকলে থিয় হৈ মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰে।