NORTHEAST NOW (Assamese)
অসম

শোষণত অতিষ্ঠ শ্ৰমিকে শাৰীৰিকভাৱে অপদস্থ কৰিলে সোণাৰি চাহ বাগিচাৰ পৰিচালকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2019 12:35 pm
Sonari Tea Garden

শ্ৰমিকসকলৰ ওপৰত বিভিন্ন ধৰণে চলাই অহা শোষণ-নিষ্পেষণত অতিষ্ঠ হৈ পৰা ক্ষুভিত শ্ৰমিকে সোণাৰি বাগিচাৰ পৰিচালকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বাতৰি পোৱা গৈছে।

ক্ষুভিত শ্ৰমিকসকলে ১৫ অক্টোবৰৰ পুৱাই বাগিচাৰ পৰিচালক জিতু হাজৰিকাৰ সৈতে তৰ্কত লিপ্ত হয়। উত্তেজিত কেইজনমান শ্ৰমিকে তেওঁক অপদস্থ কৰা বুলিও অভিযোগ উঠিছে। অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

শ্ৰমিকসকলৰ অভিযোগ, পৰিচালক হাজৰিকাই শ্ৰমিকসকলক প্ৰায়ে কঠোৰ ব্যৱহাৰ কৰি আহিছে। এজন নিয়মীয়া শ্ৰমিকৰ এদিনৰ হাজিৰা মাত্ৰ ১৩৭ টকা যদিও অনুপস্থিত থাকিলে ২০০ টকা কৰ্তন কৰে। তাৰোপৰি বছৰেকীয়া ছুটী, চিকিৎসা ছুটী আদিৰ পৰা শ্ৰমিকসকলক সততে বঞ্চিত কৰি আহিছে পৰিচালকজনে।

ইপিনে আৰক্ষীয়ে পিছত পৰিচালকজনক প্ৰহাৰ কৰা ঘটনাত ৬জন শ্ৰমিকক আটক কৰাত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰায় ৪০০ পুৰুষ-মহিলা শ্ৰমিকে আটকাধীন শ্ৰমিককেইজনক তৎক্ষণাত মুকলি কৰি দিবলৈ দাবী জনাই সোণাৰি আৰক্ষী থানা ঘেৰাও কৰে। তেওঁলোকে থানাখনৰ সন্মুখত থকা মূল পথটোত অৱস্থান কৰি অৱৰোধ কৰাত ব্যাপক যান-জঁটৰো সৃষ্টি হয়।

শ্ৰমিকসকলক সৈমান কৰাব নোৱাৰি পিছত আৰক্ষীয়ে আটক কৰা শ্ৰমিককেইজনক মুকলি কৰি দিয়ে।