NORTHEAST NOW (Assamese)
অসম

বিলাসী গাড়ীৰ কনভয় কৰি আহি আছিল দুজন “চোৰ”, যোৰাবাটত ৰখালে আৰক্ষীয়ে…

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 9, 2019 4:09 pm
Assam police claim to have caught two car lifters in Jorabat, seize vehicles

স্ক’ৰপিঅ’ আৰু একেবাৰে নতুন হুণ্ডাই ক্ৰেতাৰ কনভয় কৰি উত্তৰ ভাৰতৰ পৰা আহি আছিল দুজন “চোৰ”।

হাজাৰ কিঃ মিঃ বাট বাধা-বিঘিনি নোহোৱাকৈ দুয়ো আহি আছিল যদিও গুৱাহাটীৰ সমীপৰ যোৰাবাটত লাগিল কেণা।

যোৰাবাট আৰক্ষীৰ হাতত আছিল গোপন খবৰ। বৃহস্পতিবাৰে ৰাতি ৩ বজাত আগভেটা দি ৰাখিলে দুয়ো “চোৰ”ৰ কনভয়।

ধৰি উঠি আৰক্ষীয়ে কৈছে দুয়োজনেই “চোৰ”। নাম চাদ্দাম খান (৪৫) আৰু ফইম আব্বাছ (৪০)।

দুয়োৰে ঘৰ, আৰক্ষীৰ মতে, উত্তৰ প্ৰদেশত।

আৰক্ষীৰ মতে, গাড়ী দুখন আনিছিল মণিপুৰত বিক্ৰী কৰাৰ উদ্দেশ্যে।

স্ক’ৰপিঅ’খনৰ নম্বৰ UP-15CJ-0786 আৰু ক্ৰেতাখন UK-06AR-3963 নম্বৰৰ।

বৰ্তমান যোৰাবাট আৰক্ষীয়ে দুয়োকে জেৰা চলাই আছে।