NORTHEAST NOW (Assamese)
অসম

অগপ-বিজেপিৰ মিত্ৰতাত ক্ষুব্ধ অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ পদত্যাগ

Posted by: এন ই নাও নিউজ March 16, 2019 7:44 am
Untitled-1 copy(2)

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা বিজেপিৰে সৈতে পুনৰ মিত্ৰতাৰ পাশত আবদ্ধ হোৱা অগপ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই শুকুৰবাৰে দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰে।

অগপৰ প্ৰতিষ্ঠাপক নেতা তথা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা বৰুৱাই আঞ্চলিক জাতীয়তাবাদৰ ধ্বজা বহন কৰি দলটোৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়াই আহিছিল।

শেহতীয়াকৈ অগপৰ বৰ্তমানৰ নেতৃত্বই দলৰ তৃণমূল কৰ্মীৰ লগতে দলটোৰ অধিকাংশ জ্যেষ্ঠ নেতাকে অন্ধকাৰত ৰাখি পুনৰ বিজেপিৰ সৈতে গোপনে মিত্ৰতাত আবদ্ধ হোৱাত দলৰ আন বহু নেতাৰ দৰে বৰুৱাও ক্ষুভিত হৈ পৰিছে।

‘অগপ দল চাৰি-পাঁচজন নেতাক সংস্থাপিত কৰাৰ বাবে গঠন হোৱা নাছিল, অসমৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে গঠন হৈছিল।‘’ প্ৰাক্তন মন্ত্ৰী বৰুৱাই এটা বিবৃতিত এইদৰে কয়।

বিবৃতিটোত তেওঁ লগতে কয় যে অসমৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা বিজেপিৰ সৈতে বৰ্তমানৰ নেতৃত্বই মিত্ৰতা কৰি দলটোক হেয় প্ৰতিপন্ন কৰালে।

বৰুৱাই তেওঁৰ পদত্যাগৰ কাৰণ দৰ্শাই কয় যে যিহেতু মই অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু মিত্ৰতা সন্দৰ্ভত দলৰ নেতৃত্বৰ সিদ্ধান্তৰ সৈতে একমত নহয়, সেয়ে মই কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ।