NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু

Posted by: এন ই নাও নিউজ March 16, 2019 7:31 am
Venkaiah-Naidu_PTI

দেশৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য্য প্ৰফেছ’ৰ জগদীশ মুখীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষালাভৰ প্ৰমান পত্ৰ প্ৰদান কৰিব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যয়ো সমাৱৰ্তন সমাৰোহত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত এইবাৰ ৰাজ্যখনৰ দুজন বিশিষ্ট ব্যক্তিক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে সন্মানীয় ডি লিট আৰু ডি এছ চি সন্মান প্ৰদান কৰিব। খ্যাতনামা কবি, সাহিত্যিক নীলমনি ফুকনক অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ডি লিট সন্মান প্ৰদান কৰা হ’ব।

আনহাতে, ৰাজ্যখনৰ বিজ্ঞান ক্ষেত্ৰলৈ নিজস্ব উৎভাৱনেৰে উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট উৎভাৱক, পদ্মশ্ৰী উদ্ধৱ ভড়ালীক ডি এছ চি সন্মান প্ৰদান কৰা হ’ব।

চলিত বৰ্ষৰ সমাৱৰ্তন সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ১১৪ গৰাকী পি এইছ ডি ডিগ্ৰীধাৰী, ৭৮ গৰাকী এম ফিল আৰু ১৫৯৮ জন স্নাতকোত্তৰ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব।  বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ ৮৮১৬ জন শিক্ষাৰ্থীকো স্নাতক ডিগ্ৰী প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে ৩০ মাৰ্চৰ পৰা নিজৰ নিজৰ মহাবিদ্যালয়ৰ পৰা প্ৰমাণ পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব।