NORTHEAST NOW (Assamese)
অসম

ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 4:59 pm
Imphal-International-Airport-1-768x265

ভুৱা নথি-পত্ৰৰ সৈতে ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়া মুছলমান লোকক মণিপুৰৰ ইম্ফলত গ্ৰেপ্তাৰ কৰা হৈছে।

এই লোক কেইজন দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে ইম্ফল বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে যোৱা ১০ আগষ্টত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মণিপুৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দি কয় যে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কেইজনমান লোক ইণ্ডিগ’ বিমানেৰে ইম্ফললৈ আহিব বুলি তেওঁলোকৰ হাতত তথ্য আছিল।

সেই তথ্যৰ ভিত্তিতে ফৰেইনাৰ চেক প’ষ্ট আৰু পশ্চিম ইম্ফল জিলা আৰক্ষীৰ এটা দলে সন্দেহজনক নাগৰিক কেইজনক আটক কৰা হয় বুলি জনায়।

ইফালে আটকাধীন ম্যানমাৰী লোক কেইজনে প্ৰমাণৰ বাবে লৈ থকা আধাৰ কাৰ্ড সমূহ ভুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আটকাধীন লোক কেইজনৰ এজনে হিন্দীত কথা বতৰা পাতিছিল আৰু বাকী কেইজনে হিন্দী, মণিপুৰী একোৱে বুজি নাপাই, তেওঁলোকে কেৱল উৰ্দুহে বুজি পায়।

আৰক্ষীয়ে চলোৱা জেৰাত লোক কেইজনে নিজকে ম্যানমাৰৰ ৰহিংগিয়া নাগৰিক বুলি পৰিচয় দিয়ে। লোক কেইজনৰ পৰা এ টি এমৰ লগতে বিভিন্ন ধৰণৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

আটকাধীন নাগৰিক কেইজনক য়াৰজাৰলিন, মন্দালাই, মিন মিন অ’, ছৌ ক’ ক’, মৌ চাট নায়িং, নি নি চৌ আৰু জ’ মিন থান বুলি চিনাক্ত কৰিছে।