NORTHEAST NOW (Assamese)
Popular Stories

জম্মু-কাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ মন মহেন্দ্ৰ সিং ধোনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 8:32 pm
ms_dhoni_in_srinagar_twitter__1563764357

জম্মু-কাশ্মীৰত এখন ক্ৰিকেট একাডেমি খোলাৰ মন বান্ধিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।

উক্ত একাডেমিত ৰাজ্যখনৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলে বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। খবৰ মতে ধোনীয়ে তেওঁৰ পৰিকল্পনা বিষয়ে জনাবলৈ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সৈতে শীঘ্ৰ আলোচনাত বহিব।

বৰ্তমান তেওঁ নিজৰ ১০৬ ইনফেন্ট্ৰি বেটেলিয়নৰ সৈতে দক্ষিণ কাশ্মীৰত ব্যস্ত হৈ আছে।

ভাৰতীয় সেনাত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিকেটৰ পৰা দুমাহৰ বিৰতি লৈছিল। যোৱা ৩১ জুলাইত তেওঁ নিজৰ বেটেলিয়নত যোগদান কৰিছিল।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছৰ পৰা ৰাজ্যখনৰ পৰিস্থিতি অস্থিৰ হৈ আছে।

যোৱা শনিবাৰে ক্ৰিকেটৰ তাৰকা গৰাকীয়ে লাদাখৰ লেহলৈ ৰাওনা হয়। তাত তেওঁ স্বাধীনতা দিৱস উদযাপনৰ এক কাৰ্যসূচীত ভাগ লৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কথা।